জন্ম :- ৬ জুন ২০২০ চন
কৰ’ণা মহামাৰিয়ে সমগ্ৰ বিশ্বতে ত্ৰাশৰ সৃষ্টি কৰি সমাজ ব্যবস্থা স্থবিৰ কৰি তুলিছিল, যোগাযোগৰ উপাই আছিল কেবল মাত্ৰ ইন্টাৰনেট । সেই সময়ত সূৰ্য্য বিপ্ৰ দৈৱজ্ঞ ব্ৰাহ্মণ সকলৰ বিষয়ে সামাজিক মাধ্যমত ,কাগজে পত্ৰে বহু চৰ্চা হৈছিল ইয়াৰ অন্তৰালত কিঅভিসন্ধি লোকাই আছিল তাৰ ওপৰত জ্ঞাত নহয় যদিও . পৰিকল্পিত আৰু ইতিহাস বিকৃত কৰি প্ৰচাৰ কৰা অপপ্ৰচাৰ সমুহে মনত অঘাত কৰিছিল । দৈৱজ্ঞ সকলক সাংগাঠনিকভাবে, একত্ৰিত কৰি ব্ৰাহ্মণ মহাসভাৰ নেতিত্বই ত’তকালিন সিধান্ত লব পৰাকৈ আধুনিক প্ৰযুক্তিৰ ইন্টাৱনেট মাধ্যমৰ লগত বিশেষ পৰিচিত নহয়, সামাজিক মাধ্যমত প্ৰচাৰিত বিষয় বিলাকৰ বহু কথা জ্ঞাত নোহুৱাত সামাজিক মাধ্যমত প্ৰচাৰিত ভূল বিলাকৰ শুদ্ধ উত্তৰ বা ইতিহাস বিকৃত কৰা সকলৰ ওপৰত বিহিত ব্যবস্থা লোৱাৰ কোনো সুবিধা নাছিল । শ্ৰদ্ধাৰ শ্ৰী যুত চন্দন বৰুৱা দেৱৰ পৰামৰ্শ মৰ্মে প্ৰথম সৰ্বশ্ৰী মুকুটশৰ্ম্মা , খগেন্দ্ৰ নাথ দেৱ শৰ্ম্মা ,দুৰ্লভ শৰ্ম্মা , শিৱ প্ৰশাদ শৰ্ম্মা , দিপাঙ্কৰ শৰ্ম্মা , নয়নজ্যোতি শৰ্ম্মা , (সংস্কৃতভাৰতী) সংগীতা শৰ্ম্মা, প্ৰবিন মজিন্দাৰ বৰুৱা দৰে সূৰ্য্য বিপ্ৰ ব্ৰাহ্মণ সকলৰ ওপৰত অধ্যয়নশিল আৰু সামাজিক মাধ্যমৰ লগত পৰিচিত ব্যক্তি সকলকলৈ এটা ওৱাত স্বাপ গ্ৰোপৰ জন্ম হয় । মুখ্যত ইতিহাস সমন্ধিয় আৱু ভিন্ন শিতানত হোৱা আলোচনা সমুহে এক ময্যদা প্ৰদান কৰাত সচেতন সমাজখনৰ লগত যোগাযোগ কৰি বিষয় বস্তু বিলাক অবগত কৰাত এজন এজনকৈ সদস্যৰ সংখ্যা বৃদ্ধি হৈ এক অনুষ্ঠানলৈ ৰূপান্তৰিত হয় । ৬ জুন ২০২২ চনৰ শ্ৰদ্ধাৰ শ্ৰী যুত চন্দন বৰুৱা দেৱৰ বাসগৃহত অনুষ্ঠানিক ভাবে আয়োযন কৰা প্ৰতিস্থা দিবসত সিধান্ত মৰ্মে দিৱাকৰ সন্ধানী এক যাত্ৰা সামাজিক গোট নামাকৰণ কৰি এখন কমিতি গঠন কৰা হয় ।