event image

ব্রহ্মবৈবর্ত্ত পুৰাণ, জ্যোতিষ আৰু সূৰ্য্যবিপ্র- এটি সমীক্ষা

শ্রীশ্রী ব্রহ্মবৈবর্ত্ত পুৰাণ বুলিলে অসমীয়া হিন্দু সমাজৰ সকলো জাতিৰ লোকে বৰ শ্রদ্ধাৰে মূৰ দোঁৱায়। সুললিত বঙালী পদ্যত দ্বিজ কালীয়ে ৰচনা কৰা (প্রকাশক তাৰা চাঁদ দাস এন্ড চপ, কলিঃ) শ্রীশ্রী ব্রহ্মবৈবর্ত্ত পুৰাণখন ঘৰত সযত্নে ৰাখি ভাদ্র-কাতি মাহত বিশেষকৈ কৃষ্ণ জন্মাষ্টমীত বা তেনেকুৱা হিন্দু পর্বত/ তিথিত ৰাজহুৱা ঠাইত/ নিজ গৃহত/ মন্দিৰ-নামঘৰত ভক্তি ভাৱেৰে পাঠ পঢ়া দেখা যায়। যিহেতু কিছুদিন আগলৈ ইয়াৰে অসমীয়া অনুবাদ নথকাই অসমীয়া হিন্দু সমাজে এইখনকে চকু মুদি ভক্তি ভাৱেৰে গ্রহণ কৰিছিল। এতিয়া চলি থকা সুললিত পদ্য ছন্দত ৰচনা কৰা উক্ত বঙালী পুৰাণখনত বহুতো অ-প্রামাণিক, অবাঞ্চিত ঘটনা-পৰিঘটনাৰ অৱতাৰণা কৰাৰ লগতে পুৰণি বঙালী সমাজৰ প্রতিচ্ছবি দাঙি ধৰা কাৰ্য্যই আমাৰ সমাজত নিজৰ ভিতৰতে ঘৃণা/ ভেদ-ভাবৰ সৃষ্টি হৈছে, লগতে স্থানীয় পৰম্পৰা, সংস্কৃতিৰ ওপৰতো বিভ্রান্তিৰ সৃষ্টি হৈছে। পুথিখনে ব্রহ্মখণ্ডত জাতি সৃষ্টি, বর্ণশংকৰ উৎপত্তিৰ ক্ষেত্রত অপ্রামাণিক ঘটনা সাঙুৰি লোৱাত ভক্তিৰস, ধর্মীয় দিশ, আধ্যাত্মিক দিশত গুৰুত্ব হ্রাস হৈছে। আন এটা দিশ হ'ল- এই পুথিখন মহাকবি ব্যাসৰ সৃষ্টি নে অন্য কোনোবাই ব্যাসৰ নামত লিখিছে তাক লৈয়ো সন্দেহ ঘনীভূত।কাৰণ, প্রায়বোৰ অধ্যায়ৰ শেষত ব্যাসৰ নামৰ ঠাইত দ্বিজকালী বিৰচিত শব্দকেইটাহে দেখা যায়। যেনে-পুঃ ৩৮৭, "ব্রহ্মবৈবর্ত্তৰ কথা অতি মনোহৰ। দ্বিজকালী বিৰচিয়া হবিষ অন্তৰ।।" ইত্যাদি। পিছত সম্ভবতঃ ভুলটো ধৰা পৰাত অধ্যায়বোৰত দ্বিজকালীৰ নামটো নোহোৱাকৈ 2nd Cover Page ত প্রথমে ব্যাসৰ নাম দি পদ্য ছন্দ একো সাল-সলনি নকৰাকৈ উক্ত পুথিখনৰ মূল কথাখিনি ৰাখি থৈ কলিকতাৰ ৰাজেন্দ্র লাইব্ৰেৰীৰ দ্বাৰা প্রকাশ কৰা দেখুৱাই অসমৰ বজাৰত এৰি দিছে। ইয়াৰ কাৰণটো সহজে অনুমেয় যে ব্যাসৰ নামটো লিখক হিচাপে নাথাকিলে মহাপুৰাণ হিচাপে উক্ত পুৰাণখনে মান্যতা নাপায়। সেয়ে বেদব্যাস প্রণীত বুলি প্রথমে দেখুৱাইছে, যাতে কোনেও ব্যাসৰ নাম নোহোৱাকৈ কেনেকৈ এখন শ্রীশ্রী ব্রহ্মবৈবর্ত্ত পুৰাণ সৃষ্টি হ'ল বুলি প্রত্যাহ্বান জনাব নোৱাৰে। এইদৰে কলিকতীয়া কিতাপ ব্যৱসায়ীয়ে অসমৰ বজাৰখনৰ পৰা মুনাফা লুটিছে। উল্লেখ্য যে- "It has been observed that there might have been an original Brahma VaivartaPurana written before 700 AD, but it is now lost. The original Purana might have been a laghu Brahma VaivartaPurana. The present voluminous work of the Brahma VaivartaPurana, however has been dated to 8 century AD. From about the 10 century AD the purana began to be changed by different authors at different times. In the 16th century, it reached the present form." (Bibilography RC Hazra, studies in the Upapuranas, II Calcutta, 1979: S. Bhattacharyya and Nityananda (ed.), Sri Brahma VaivartaPuranam (Bangla, Calcutta, 1984) গতিকে এই পুৰাণখনৰ জন্মতে কেনা লাগিছে। সেয়েহে উল্লেখিত পুৰাণখনৰ লিখক বেদ ব্যাস নিশ্চয় নহয়! এই পুৰাণ সম্পর্কে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মতামত চাই লওঁ- [বেজবৰুৱাৰ ৰচনাৱলী, প্রকাশক- অসম সাহিত্য সভা/৫০২-৫০৩]। "যেয়ে যি হকে নকওঁক, হৰি বংশত ৰাস লীলাৰ কথা আছে, কিন্তু ৰাধাৰ নাম-গোন্ধো নাই, শ্রীমদ্ভাগৱততো নাই। ব্রহ্ম বৈবর্ত্ত পুৰাণতে ৰাধাৰ প্রথম আবির্ভাব। আচল বা আদি ব্রহ্ম বৈবৰ্ত্তপুৰাণ আজি-কালি দেখিবলৈ পোৱা নাযায়। বর্তমান আকাৰত যিখন পোৱা যায়, তাৰ সম্বন্ধে তত্ত্বানুসন্ধানকাৰী পণ্ডিতসকলে কি কয় চমুকৈ কওঁ বিষ্ণু পুৰাণৰ ইংৰাজী ভাঙণি কৰা উইলচন চাহাবে কয়, ব্রহ্মবৈবর্ত্ত পুৰাণ সকলো পুৰাণতকৈ পিছৰ কালৰ। মৎস্য পুৰাণত ব্রহ্মবৈবর্ত্তৰ যি লক্ষণৰ বর্ণনা দিয়া হৈছে, তাৰে সৈতে আজি-কালিৰ ব্ৰহ্মবৈবর্ত্তৰ অলপো মিল নাই। বংকিম বাবুৱে কৈছে- 'প্রচলিত ব্রহ্মবৈবর্ত্তেৰ ৰচনা প্রণালী আজ-কালকাৰ ভট্টাচার্যদেৰ মত।' বিশ্বকোষৰ নগেন্দ্র বাবুৱে কৈছে- "প্রচলিত ব্রহ্মবৈবৰ্ত্তে এত বেশী ভেজাল মিলিয়াছে যে, আদি অকৃত্রিম জিনিষ বাছিয়া লওয়া অসম্ভব। প্রচলিত পদ্ম পুৰাণ অপেক্ষাও ইহা আধুনিক গ্রন্থ বলিয়া মনে হয়। এদেশে মুসলমান অধিকাৰ বিস্তৃত হৈলেও হিন্দু মুসলমান সংশ্রবে নানা জাতি উদ্ভুত হৈতে থাকিলে এই পুৰাণৰ সৃষ্টি।" "অথচ ব্রহ্মবৈবর্ত্তৰ আৰম্ভতে কোৱা হৈছে যে ব্রহ্মবৈবর্ত্ত পুৰাণ সকলো পুৰাণৰ মাজত সাৰ। ই অন্যান্য পুৰাণ, উপ-পুৰাণ আৰু বেদৰ ভ্ৰম নিবাৰক আৰু হৰিভক্তিকাৰী। অর্থাৎ এইখন পুৰাণ বেদৰো ভ্ৰম নিবাৰক। এনেকুৱা দাম্ভিক উক্তি এইখন পুৰাণৰ/৫০২। ভাগৱতত আছে- 'কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংঙ্খ-চক্র-গদা-পদ্ম কৰত তোমাৰ।।' ব্ৰহ্মহ্মবৈবর্ত্তই কৈছে- 'কৃষ্ণ দ্বিভুজ মুৰুলী হাতেৰে উপজিছিল'/৫০৩। এনেকুৱাকৈ বেদ, মহাভাৰত, ভাগৱত আৰু আন আন প্রাচীন পুৰাণ আদিৰ বিৰুদ্ধ অসংগত উক্তি ব্রহ্মবৈবর্ত্তত অনেক আছে/৫০৩। এই দেখি এজন বঙালী পণ্ডিতে লিখিছে- 'বিস্ময়েৰ বিষয়, বঙ্গীয় নব্য বৈষ্ণৱ সম্প্রদায়েৰ প্ৰবৰ্ত্তক প্রখ্যাত নামা চৈতন্যদেৱ শাস্ত্ৰ পাৰদৰ্শী ও সু-পণ্ডিত হৈয়াও কি ৰূপ যে অপ্রামাণিক এই পুৰাণ নামেৰ অযোগ্য ব্রহ্মবৈবর্তে সম্যক আস্থা স্থাপন ও তত্ত্বদুক্ত গোপীকৃষ্ণ এবং ৰাধাকৃষ্ণ প্রেম লীলা স্বীয় জীৱনে পাৰিসদ সাহায্যে অভিনয় কৰত শেষে স্বীয় অভিপ্রায়ানুৰূপ ৰূপান্তৰিত বৈষ্ণৱ ধর্ম দেশে দেশে প্রচাৰ কৰিয়াছিলেন, তাহা আমাদেৰ বুদ্ধিগম্য নহে/৫০৩। উইলচন চাহেব ব্রহ্মবৈবর্ত্ত পুৰাণকে সৰ্ব কণিষ্ঠ বলিয়াই চাড়িয়া দিয়াছেন; কিন্তু বংকিম বাবু গৱেষণা কৰিয়া বলিয়াছেন- এখন যে ব্রহ্মবৈবর্ত্ত প্রচলিত, না হৈলেও অন্ততঃ একাদশ শতাব্দীৰ অপেক্ষাও প্রাচীন নহে।' পৰম্ভঅনেকে আবাৰ প্ৰচলিত ব্রহ্মবৈবৰ্ত্তেৰ বয়স তত অধিক বলিয়াও স্বীকাৰ কৰে না। বংকিম বাবুৰ কথা স্বীকাৰ কৰিলেও বর্তমান ব্রহ্মবৈবর্ত্ত হিন্দু সমাজে ৭০০ বৎসৰেৰ বেশী পূৰ্বে প্ৰচাৰিত হয় নাই/৫০৩। সেয়ে হ'লেতো আগেয়ে উল্লেখ কৰা ধৰণে ক'ব পাৰি যে উক্ত ব্ৰহ্ম বৈবর্ত্ত পুৰাণৰ লিখক বেদ ব্যাস নাছিল। এই বিতর্কিত পুৰাণৰ ব্রহ্ম খণ্ডত লিখিছে- এদিকে অশ্চিনীসুত তথা দিয়া যায়।। নাৰীৰ মোহনৰূপ কৰি দৰশন। কামবশে ধৰিবাৰে কৰেন গমন।। তাহা দেখি বিপ্ৰনাৰী প্ৰবোধ কৰিল। নানামতে ভয় দেখাতে লাগিল। কিন্তু তাহে কর্ণপাত কিছু নাহি কৰি। মনোসাধ পূৰালেন বলাৎকাৰ কৰি।। দৈবেৰ লিখন কেবা খণ্ডাইতে পাৰে। বিপ্ৰনাৰী গৰ্ভবতী হৈল তাৰপৰে।। তখনি প্রসব কৈল অপূর্ব্ব নন্দন। পুত্রসহ পতিপাশে কৰিল গমন।। দৈবেৰ ঘটনা সব বিবৰি কহিল। শুনি ৰোষে মহামুনি জ্বলিয়া উঠিল।। পুত্রসহ ৰমনীৰে কৰিল বর্জ্জন। যোগ কৰি বিপ্ৰনাৰী ত্যজিল জীবন।। গোদাবৰী নদীরূপে ৰহিল ধৰায়। এদিকে অশ্বিনীসুত পুত্র ল'য়ে যায়।। যত্ন কৰি পুত্ৰ লৈয়ে কৰিল পালন। তন্ত্র-মন্ত্র-চিকিৎসাদি কৰে অধ্যয়ন।। নানারূপ শিল্পবিদ্যা অভ্যাস কৰিল। পিতাৰ যতনে ক্রমে পণ্ডিত হইল।। ইহাৰ বংশেতে জন্মি কোন কোনজন। বেদ-অধ্যয়ন-আদি কৰয়ে বর্জ্জন।। লোভবশে তাৰা সবে বেতন লইয়ে। জ্যোতিঃশাস্ত্র চর্চ্চা কৰে সানন্দ-হৃদয়ে।। গণক হইল তাৰা জানিবে ধৰায়। আৰ এক কথা বলি শুনহ সবায়।। কেহ কেহ লোভবশে শূদ্রদান লয়। অগ্রে দান লয় যবে আদ্যক্রিয়া হয়।। অগ্রদানী নামে তাৰা প্রসিদ্ধ হইল।"/ দ্বিজ কালীৰ ব্ৰঃ বৈঃ পুঃ/৪৫। ইয়াত অশ্চিনীসুত বুলি এজন দেৱতাৰ কথা কৈছে। কিন্তু শাস্ত্রই অশ্চিনী কুমাৰৌ বা অশ্চিনী কুমাৰ দ্বয় বুলি উল্লেখ কৰিছে। গতিকে এইজন কোন অশ্চিনীসুত? অশ্চিনীসুত এজন বুলি কোনো ধর্মশাস্ত্রত উল্লেখ নাই। সূর্য্যপুত্র অশ্চিনী কুমাৰ দ্বয়ৰ পৰা মাদ্ৰীৰ গৰ্ভত যমজ সন্তান নকুল আৰু সহদেৱৰ জন্ম হৈছিল- মহাভাৰতত উল্লেখ আছে। বলাৎকাৰ কৰাৰ লগে লগে (তখনি প্ৰসৱ কৈল অপূর্ব নন্দন- তখনি শব্দই তৎমুহূর্তে বুজাইছে) সন্তান জন্ম হোৱা নাভূত-নাশ্রুত কথা। স্বয়ং শ্রীকৃষ্ণইও দৈৱকীৰ গৰ্ভত দহ মাহ দহ দিন আছিল বুলি একেখন পুৰাণে কৈছে। বেদ ধর্ম বা বেদ চর্চ্চা পৰিত্যাগ কৰি জ্যোতিষ চর্চ্চা কৰা বোলা কথাষাৰ সম্পূৰ্ণ ভিত্তিহীন। কাৰণ জ্যোতিষ বেদাংগ আৰু এই জ্যোতিষক বেদৰ চক্ষু বুলি কোৱা হয়। এটা সময়ত বেদত ব্রাহ্মণৰহে অধিকাৰ দেখা গৈছিল। ৰাশি, নক্ষত্র, অমাৱস্যা, পূর্ণিমা, তিথি, সংক্রান্তি, সংবৎসৰ প্ৰভৃতিৰ জ্ঞান নাথাকিলে বৈদিক ক্রিয়া কাণ্ডৰ অনুষ্ঠান অসম্ভৱ। বৈদিক ক্রিয়া-কাণ্ড আৰু গৃহ্য কৰ্মৰ যথাযথ শুভদিন বৈদিক গণকে (যিটো সূর্য্যবিপ্রসকলৰ এটা উপাধি হিচাপে দেখা যায়) গণনা কৰি নিৰ্ণয় কৰে। যেনে- "অপাৰ সমুদ্র সদৃশ হোৰা শাস্ত্ৰৰ যদি অলপো জ্ঞান থাকে পাটি গণিত আৰু বীজ গণিতৰ দ্বাৰা তিথি, নক্ষত্র, যোগ, কৰণ আৰু স্ফুটাদিৰ কিঞ্চিত বোধগম্য হৈ পৃথিৱীৰ উপকাৰৰ নিমিত্তে যিজনে যাগ-যজ্ঞাদিৰ যথাযথ সময় নিৰূপণ কৰিব পাৰে তেওঁকেই গণক বুলি কোৱা হয়।"-প্রমিতাক্ষৰায়ম। গতিকে ধর্মশাস্ত্রই যাক গণক বুলিছে তেওঁ এই ব্রহ্মবৈবর্ত্ত পুৰাণে কোৱা 'গণক' নহয়। ব্রহ্মবৈবর্ত্ত পুৰাণৰ গণক হ'ল বেঙ্গলৰ বঙালী সমাজত প্রতিফলন হোৱা এটা প্রতিচ্ছবি। কাছাৰ জিলাতো গণক জাতিৰ লোক দেখা যায়। সেইসকল গণকক চৰকাৰে Other Backward Caste হিচাপে স্বীকৃতি দিছে আৰু তেওঁলোক সূর্য্যবিপ্র ব্রাহ্মণো নহয়। মন কৰিবলগীয়া যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সূৰ্য্যবিপ্র ব্রাহ্মণে শূদ্ৰৰ মৃতকৰ ঘৰত গৈ প্রথমে আদ্যশ্রাদ্ধত দান নলয়। শূদ্রৰশ্রাদ্ধান্ন ভোজনো নকৰে। সূৰ্য্যবিপ্র ব্রাহ্মণৰ মাজত অগ্রদানী নাই, এইফেৰা কাম যেনে- ঘৰত গৈ শূদ্ৰৰ মৃতকৰ আদ্যশ্রাদ্ধৰ দান-দক্ষিণা অসমৰ চন্দ্ৰবিপ্র পুৰোহিতে গ্রহণ কৰি আহিছে। কিন্তু হিন্দী আৰু সংস্কৃত ব্রহ্মবৈবর্ত্ত পুৰাণত নক্ষত্র গণনাকাৰী নক্ষত্ৰজীৱি বা নক্ষত্ৰসুচীৰ কথা কোৱা দেখা গ'ল। সূর্য্যবিপ্র জ্যোতিষী বুলি কোৱা নাই। সূর্য্যবিপ্র জ্যোতিষীয়ে পঞ্চাংগৰ দ্বাৰা যেনে- তিথি, বাৰ, নক্ষত্র, যোগ, কৰণৰ পৰা জ্যোতিষ গণনা কৰে। অকল নক্ষত্ৰৰ পৰা নকৰে। কিন্তু সংস্কৃত ব্ৰহ্মবৈবর্ত্ত পুৰাণখনৰ সেই নির্দিষ্ট অধ্যায়ত ব্রাহ্মণ বুলিহে কোৱা হৈছে, গণক বুলি কোৱা নাই। গতিকে এনে পৰস্পৰ বিৰোধী কথা কোৱা দেখা গ'ল। সেয়ে উক্ত শ্রীশ্রী ব্রহ্মবৈবর্ত্ত পুৰাণত গণক সম্পর্কে দিয়া ধাৰণাটো সম্পূর্ণ ভুল আৰু সত্যৰ অপলাপ কৰা হৈছে। অসমৰ ব্ৰহ্মপুত্র উপত্যকাত খ্রীষ্টপূর্ব ১০০০ বছৰ বা তাৰ আগৰে পৰা বসবাস কৰি অহা সূৰ্য্যবিপ্র/ দৈবজ্ঞ ব্রাহ্মণসকল চাৰিবেদ অধ্যয়নকাৰী আৰু গায়ত্রী মন্ত্রত দীক্ষিত (ব্রাত্যত্বহীন) বেদাঙ্গ জ্যোতিষ চর্চ্চাকাৰী সূৰ্য্যপূজক শাকদ্বীপী/ মগ ব্রাহ্মণ পুৰোহিতসকলৰ এটা ঠাল হিচাপে দেখা যায় (পণ্ডিত প্ৰবৰ ৰাজমোহন নাথৰ ৰচনাৱলী আৰু সাম্ব পুৰাণৰ ২৬ অধ্যায় শ্লোক নং ৩৩-৩৪, ২৭ নং অধ্যায়ৰ শ্লোক নং ১৮-১৯ আৰু ভৱিষ্য পুৰাণৰ নৱ ভাৰত সংস্কৰণৰ পৃঃ ২১৯ দ্রষ্টব্য)। এইসকল ব্রাহ্মণৰ ২১ টা উপাধি দেখা যায়- সাম্বৎসৰী, জোতিষী, দৈৱজ্ঞ, গণক, গ্রহবিপ্র, দ্বিজশ্রেষ্ঠ, সৰ্ব্বশাস্ত্ৰবিশাৰদ, আচার্য্য, ব্রাহ্মণেন্দ্র, ঘটক, সাৰ্ব্ববেদিক, সুখী, সাখী, বৰেণ্য, অগ্নি, ষটকৰ্মা, গ্রহভূসূৰ, মৌহূৰ্ত্তিক, কার্ডান্তিকী, গ্রহাংশ ব্রাহ্মণ, মৌহূর্ত্তজ্ঞানী। এওঁলোকৰ এটা উপাধি গণক। ই জাতৰ নাম নহয়, গুণৰ নাম। ই বিশেষণ পদ হয়। গণক শব্দৰ সমপৰ্য্যায়ৰ শব্দ জ্ঞানিন (অমৰ কোষ)। দেৱী চাদে গণক শব্দটো অংক শাস্ত্রবিদ (Mathematician) হিচাপে দেখুৱাইছে। উক্ত বঙালী ব্রহ্মবৈবৰ্ত পুৰাণত ব্ৰহ্মখণ্ডত গণক শব্দটো ব্যৱহাৰ কৰা কাৰণে অসমৰ কিছুসংখ্যক লিখক/ বুৰঞ্জীবিদে এই পুৰাণত লিখা মতে ধৰি লৈ সূৰ্য্যবিপ্ৰসকলৰ জাতি গণক বুলি বিভিন্ন জনে এই পূজ্যপাদ সূর্য্য পূজক শুক্ল যজুর্বেদী কাম্ব শাখাৰ সূৰ্য্যবিপ্র ব্রাহ্মাণসকলক সামাজিকভাবে অপমানিত, লাঞ্চিত, ঘৃণিত কৰি আহিছে। উদাহৰণস্বৰূপে স্বর্গীয় ষড়ানন অধিকাৰীয়ে এই ব্রহ্মবৈবর্ত্ত পুৰাণৰ আধাৰত "জাতিতত্ত্ব বিচাৰ আৰু বেদবিধান" বুলি কিতাপ এখন প্রকাশ কৰিও দেখ দেখকৈ এওঁলোকক মাত্র বিতর্কিত পুৰাণৰ আধাৰত বৰ্ণশংকৰ বুলি দেখুৱাই সামাজিক ভাবে অপমান কৰিছে। সূৰ্য্যবিপ্ৰসকলৰ ওপৰত গভীৰ অধ্যয়ন, অনুসন্ধান, গবেষণা নকৰাকৈ উক্ত লিখকে সত্যৰ অপলাপ কৰি এনে তৰল মন্তব্য দাঙি ধৰিছে। এই বিষয়ত প্রকাশিকা প্রাক্তন অধ্যাপিকা শ্রীমতী দময়ন্তী দেৱীলৈ ২৭-০৬-২০২৪ তাৰিখে প্রতিবাদমূলক লিখনি পঠিয়াই শুধৰণি বিচৰা হৈছিল। কিন্তু তেখেতে আজিও নীৰৱতা অবলম্বন কৰি আছে। পূজ্যপাদ সূর্য্যবিপ্র সকলৰ উৎপত্তি, বিস্তাৰ, বেদত অধিকাৰ, কৃর্ত্তিত্ব আদি: গোটেই ভাৰতবৰ্ষত ব্ৰাহ্মণৰ শাখা অজস্র হ'লেও অসমত ব্রাহ্মণৰ শাখা দুটা- সূর্য্যবিপ্র আৰু চন্দ্ৰবিপ্ৰ। দুয়োঘৰ ব্ৰাহ্মণ সম-মর্য্যাদা সম্পন্ন, শুদ্ধ শুক্ল যজুর্বেদীয় কাম্ব শাখাৰ। দুয়োঘৰে দশকৰ্মৰ জৰিয়তে (যেনে-বিবাহ, গর্ভধান, পুংসবন, সীমন্তোন্নয়ন, জাতকর্ম, নামকৰণ, অন্নপ্রাসণ, চুড়াকৰণ, উপনয়ন, সমাবর্তন আদি) দশ সংস্কাৰ হৈ আহিছে আৰু উপনয়নৰ জৰিয়তে একে গায়ত্রী মন্ত্রত দীক্ষিত। সূর্য্যবিপ্রসকলে বেদৰ ছয়টা অংগ যেনে-শিক্ষা, কল্প, নিৰুক্ত, ব্যাকৰণ, ছন্দ আৰু জ্যোতিষ অধ্যয়ন কৰা বাবে এইসকলক ষড়ঙ্গবিদ ব্রাহ্মণো বোলে। সূৰ্য্যবিপ্ৰসকলৰ ছয়টা কর্তব্য যেনে- যজন, যাজন, অধ্যয়ন, অধ্যাপন দান আৰু পতিগ্রহ। দুয়োঘৰ ব্রাহ্মণেই শ্রৌত আৰু স্মার্ত হোৱাই দীপিকা ছন্দই কৈছে- "জানিবাহা দেরি, দুইয়োৰো নাই ভিন্নাভিন্ন। শ্রুতিশাস্ত্র জ্যোতি দুয়োএকয়ে সমান।" সূর্য্য মন্দিৰ অথবা গ্রহ মন্দিৰত উদাহৰণস্বৰূপে চিত্ৰাচল নৱগ্রহ মন্দিৰত যিসকল ব্রাহ্মণে পূজা সেৱা আৰু জ্যোতিষ চর্চ্চা কৰে সেইসকল ব্রাহ্মণক সূর্য্যবিপ্র অথবা দৈৱিক ব্রাহ্মণ বা দৈৱজ্ঞ ব্রাহ্মণ নাইবা গ্রহবিপ্র বোলা হয়। আনহাতে যিসকল ব্রাহ্মণে পৈত্রিক কর্ম শ্রাদ্ধাদি কৰে তেওঁলোকক চন্দ্রবিপ্র বা পৈত্রিক ব্রাহ্মণ বোলে। সূৰ্য্যবিপ্র আৰু চন্দ্ৰবিপ্রসকল যথাক্রমে বেদৰ জ্ঞানকাণ্ড আৰু কৰ্মকাণ্ড অনুসৰণকাৰী ব্রাহ্মণ। উক্ত পুৰাণত উল্লেখ কৰা ধৰণে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সূৰ্য্যবিপ্ৰসকল গণক জাতিৰ লোক নহয় বৰং বেদত উল্লেখ কৰা ধৰণে জ্ঞানকাণ্ডী ব্রাহ্মণ হয়। ওপৰোক্ত পুৰাণৰ লেখক দ্বিজকালীয়ে জ্যোতিষক বেদৰ পৰা পৃথক হিচাপে দেখুৱাইছে, যিটো সত্য নহয়। "শ্রাদ্ধত দেৱতালৈ দিয়া দ্রব্যসমূহ সূর্য্যবিপ্রসকলে ভোগ কৰি আহিছে। দৈৱিক ব্রাহ্মণ শাখাৰ কৰ্তব্য সম্বন্ধে কাশীনাথ দেৱশর্মা সিদ্ধান্ত ৰত্নদেৱে ব্রাহ্মণ সংহিতা নামৰ গ্ৰন্থৰ পাতনিত লিখিছে- যাগ-যজ্ঞ কৰা, দৌল, দুর্গোৎসৱ,কালীপূজা, শিৱপূজা, বিষ্ণুপূজা ইত্যাদি দেৱ পূজাদিৰ কৰ্মাদি কৰা, শ্রাদ্ধৰ পঞ্চদেৱতাৰ ভাগ আৰু বসুন্ধৰা যৌৰষ মাত্রিকা বসন্ত পূজাৰ, বিশ্বদেৱৰ ভাগ গ্রহণ কৰা আৰু হিন্দুৰ সমস্তলোককে দীক্ষা মন্ত্রাদি দিয়া দৈৱিক ব্রাহ্মণৰ কাম। আনফালে নান্দিমুখ শ্রাদ্ধ বা দশ সংস্কাৰ শ্রাদ্ধ কৰা, একদিষ্ট শ্রাদ্ধ কৰা, মৰা মৃতকৰ অন্ত্যেষ্টিক্রিয়াৰ দান-দক্ষিণা গ্রহণ, প্রায়শ্চিত্তৰ কিয়দংশ ধন গ্রহণ কৰা পৈত্রিক ব্ৰাহ্মণসকলৰ কৰ্ম। পৈত্রিক ভাগ অর্থাৎ আমান্নাদি কাণ্ডৰ ভাগ আৰু পিণ্ডাদি কাণ্ডৰ ভাগ পৈত্রিকসকলে পায়।"-সূর্য্য, প্রঃ প্রঃ/১২৪ ড°নি. প্র. বৰদলৈ। প্রায়শ্চিত্তই প্রেতকর্ম/আদ্যশ্রাদ্ধকে বুজায়। "শ্রাদ্ধভাগং বিভাগঞ্চ পূৰ্ব্বাপাৰ নিৰূপিতঃ। অপিণ্ডা জ্যোতিষাভাগা, পিণ্ডভাগঞ্চ যাজকাঃ।।" পূৰ্ব্বৰ পৰাই শ্রাদ্ধৰ ভাগ নিৰূপিত হৈ আহিছে- দেৱতাৰ ভাগ (অপিণ্ড ভাগ) দৈৱজ্ঞসকলৰ আৰু পিণ্ড ভাগ যাজক ব্ৰাহ্মণৰ (চন্দ্ৰ বিপ্লব)। সেয়ে শ্রাদ্ধত দুয়োঘৰ ব্ৰাহ্মণ নহ'লে নহৈছিল। সেইকাৰণে শ্রাদ্ধৰ আৰম্ভণিতে দৈৱজ্ঞ ব্রাহ্মণ পুৰোহিতে বিশ্বদেৱৰ আবাহন আদি কৰিছিল। আৰু শেষতো বিশ্বদেৱৰ বিসর্জনাদি দৈৱজ্ঞ পুৰোহিতে কৰিছিল। সদৌ শেষত দৈৱজ্ঞ পুৰোহিতৰ দ্বাৰাই সূৰ্য্যাৰ্ঘ-চন্দ্ৰাৰ্ঘ দিয়া হৈছিল। অৱশ্যে এই পৰিৱেশ এতিয়া সলনি হ'ল। বিশেষ মন কৰিবলগীয়া যে দৈৱজ্ঞ ব্রাহ্মণ পুৰোহিত ব্রাহ্মণৰ দশকৰ্মৰ/ দশসংস্কাৰৰ অবিচেদ্য অংগ- আজিৰ দিনটো। প্রাগজ্যোতিষপুৰ বা পুৰণি অসমত সুদূৰ অতীজৰে পৰাই সূৰ্য্যবিপ্ৰসকলৰ দ্বাৰাইহে সূৰ্য্যপূজা, গ্রহপূজা, জ্যোতিষ (Astrology and Astronomy) চর্চা হৈ আহিছে। গুৱাহাটীৰ নৱগ্রহ মন্দিৰ, গোৱালপাৰাৰ সূৰ্য্য পাহাৰৰ সূৰ্য্যমন্দিৰ, গুৰু বিশাল অৰণ্যৰ সূৰ্য্যমন্দিৰ (বর্তমান হাজোৰ গৰুড়াচল পাহাৰত সূৰ্য্যমন্দিৰ আছিল বুলি জনা যায়), হাৰুপেশ্বৰ (তেজপুৰ) সূৰ্য্যমন্দিৰ আদিয়ে সৌৰ সংস্কৃতিৰ স্মৃতি বহন কৰি আহিছে। সৌৰ সংস্কৃতিৰ ধাৰক-বাহক এই পূজ্যপাদ সূর্য্যবিপ্রসকল। লগতে এইসকল ব্রাহ্মণে তন্ত্রশাস্ত্র, আয়ুর্বেদ শাস্ত্রও চর্চা কৰিছিল বুলি জনা যায়। ফলিত জ্যোতিষ, গণিত জ্যোতিষ চর্চা কৰোতে সূৰ্য্যবিপ্রসকলে বীজগণিত আৰু পাটিগণিতৰ সহায় লৈছিল। তিথি, বাৰ, নক্ষত্র, যোগ, কৰণ আদি অংকৰ সহায়ত/ সংখ্যাৰ সহায়ত প্রকাশ কৰে, যেনে- অশ্চিনী নক্ষত্র- ১, শুক্লা প্রতিপদ-১, পূর্ণিমা তিথি-১৫, ৰবিবাৰ-১, বিস্কুম্ভ যোগ-১, ববকৰণ-১, বিষ্টিকৰণ-০ ৰে বুজায়। জন্ম সোঁৱৰণীত লগ্ন, মহাদশা অন্তর্দশা, ষড়বর্গ আদি নির্ণয় কৰোতে অংকৰ গণনা কৰা হয়। জ্যোতিষ বেদৰ অংগ হোৱাই পূজ্যপাদ সূর্য্যবিপ্রসকলে পোন প্রথমে সংখ্যা/ অংক/ শূণ্যৰ উদ্ভাৱন কৰি জ্যোতিষ শাস্ত্ৰত প্রয়োগ কৰিছিল বুলি ভবাৰ থল নথকা নহয় কাৰণ- "The KalikaPurana's evidence that Brahma made first calculation of the stars in Pragjyotisha points to the early importance of the place in astrology and astronomy"-HCPA/27. "There is a grain of truth in the statement that the first astronomical observation in Assam was made in the Navagraha"- HCPA/27 P.C. Choudhury. "These Saka astrologers possibly migrated to Assam and as P.C. Choudhury has pointed out a number of manuscripts dealing with solar cult may be attributed to them. The cultivation of astrology nevertheless appears to have been prevalent as early as the fourth century BC-H. K. Barpujari. এইশাকদ্বীপি/ মগব্রাহ্মণ/সূৰ্য্যবিপ্ৰসকলৰ বিভিন্ন গোত্ৰৰ ১৮ টা পৰিয়াল শাকদ্বীপৰ (ভাৰতৰ ভিতৰৰে বুলি জনা যায় যদিও মতান্তৰ আছে) পৰা শ্ৰীকৃষ্ণৰ পুত্ৰ সাম্বই লৈ আনি বৰ্তমানৰ পাকিস্থানৰ অন্তৰ্গত চন্দ্ৰভগা নদীৰ তীৰত মূলতানত সূৰ্য্যমন্দিৰ সজাই সূৰ্য্যপূজাৰ কাৰণে সেইসকলক মাটি-বাৰী দান কৰি প্ৰতিষ্ঠা কৰিছিল (সাম্ব পুৰানোক্ত)। বিষ্ণু পুৰাণৰ চতুৰ্থ অধ্যায়, দ্বিতীয় অংশত কোৱা হৈছে যে মগ ব্রাহ্মণসকল শ্রেষ্ঠ ব্রাহ্মণ। "প্রাগজ্যোতিষ নামৰ আতিগুৰি সম্পৰ্কে কালিকা পুৰাণত লিখা হৈছে- প্রাচীন কালত ব্রহ্মাই এই ঠাইত এটি নক্ষত্র বাদ দিছিল (প্রাঙ্ নক্ষত্রং সসজ্জহ)। এই কথাৰ অর্থ হ'ল- আগতে জ্যোতিষীসকলে ২৮ টা নক্ষত্র লৈ জ্যোতিষ গণনা কৰিছিল। কিন্তু পিছত সুবিধাৰ কাৰণে অভিজিৎ নক্ষত্রক বাদ দি ২৭ টা নক্ষত্র লৈ কাম চলাবলৈ ধৰিলে। এই ঘটনা হেনো খ্রীষ্টপূর্ব ৩৫০০-২৫০০ শতকৰ কথা।" ৰাজমোহন নাথৰ ৰচনাৱলী/১৫৬। ইয়াৰ পৰা এটা সিদ্ধান্তলৈ আহিব পাৰি যে আর্য্যমূলীয় সূর্য্যবিপ্র/শাকদ্বীপি/মগ ব্রাহ্মণ পুৰোহিত সকলৰ এটি ঠাল এই সময়তে অসমলৈ আহি পোনপ্ৰথমে সৌৰ ধৰ্ম/ আর্য্য সংস্কৃতি প্ৰচাৰ কৰিছিল বুলি ক'লেও অত্যুক্তি নহ'ব। আনহাতে মহর্ষি বশিষ্ঠই (যাক ১৮ জন জ্যোতিষ প্ৰৱৰ্তকৰ এজন হিচাপে দেখা যায়) ৰজা নৰকৰ ৰাজত্ব কালত কামাখ্যা মন্দিৰ দৰ্শন কৰিব আহোতে কিছু সংখ্যক সূর্য্যবিপ্র/শাকদ্বীপি/মগ ব্রাহ্মণ তেওঁৰ লগতে অহাটো অস্বীকাৰ কৰিব নোৱাৰি। "মার্কণ্ডেয় পুৰাণ খ্ৰীষ্ট তৃতীয়-পঞ্চম শতকতৰচনা কৰা বুলি পণ্ডিতসকলে অনুমান কৰে। এই গ্ৰন্থৰ ১০৯ অধ্যায়ত লিখা আছে যে- কামৰূপ দেশত গুৰুবিশাল নামৰ হাবি-বননিপূর্ণ ঠাইত এটা সূৰ্য্যমন্দিৰ আছে আৰু তাতে ৰাতিপুৱাত পূজা কৰিলে সকলো কামনা সিদ্ধি হয়। সেই প্রাচীন কালত গ্রহ বিপ্ৰৰ বাহিৰে অইনৰ দ্বাৰা সূৰ্য্যমন্দিৰ প্ৰতিষ্ঠা আৰু সূৰ্য্যপূজা কৰা সম্ভৱপৰ নাছিল। গতিকে অনুমান হয় অন্ততঃ খ্রীষ্টাব্দ তৃতীয়-পঞ্চম শতিকাত প্ৰাচীন কামৰূপ ৰাজ্যত এওঁলোকৰ প্রাধান্য আছিল।"-ৰাজমোহন নাথৰ ৰচনাৱলী/১৫৫। "যজুর্বেদত গণক শব্দটো উল্লেখ থকাৰ পৰা জ্যোতিষ বিদ্যা আৰু গণিতৰ চর্চাত যে নিয়োজিত থুলটোরে বিশেষ গুৰুত্ব লাভ কৰিছিল তাৰ সাক্ষ পাওঁ। গণক সকলেই দৈৱজ্ঞ ৰূপেই স্বীকৃতি পাইছিল। ৪৮০২ খ্রীষ্টপূর্বত আলপাইন ক্ষত্রীয় মূলৰ ৰজা ৰাজ্যবৰ্দ্ধন ভূ-খণ্ডলৈ সূৰ্য্য উপাসনাৰ বাবে আহিছিল।"-অসম বুৰঞ্জী প্রথম খণ্ড/৩৭৪ ড°মাধুৰ্য্যমণ্ডিত বৰুৱা। উল্লেখ্য যে মার্কণ্ডেয় পুৰাণত এই কাহিনী উল্লেখ আছে আৰু ৰজা ৰাজ্যবন্ধনে কামৰূপ দেশৰ গুৰুবিশাল অৰণ্যত (হাজোৰ ওচৰত) বৃহৎ সূৰ্য্যমন্দিৰ দেখা পাইছিল। সূৰ্য্যমন্দিৰ থকা মানেই আর্যমূলীয় সূর্য্যবিপ্র/ শাকদ্বীপি ব্রাহ্মণসকল উক্ত সময়ৰ বা আগৰে পৰা কামৰূপত বসবাস কৰি আছিল বুলি এটা সিদ্ধান্তত উপনীত হ'ব পাৰি। ড°মাধুৰ্য্য মণ্ডিত বৰুৱাৰ মতে "ঋগবেদ প্রণেতা ব্রাহ্মণসকল আছিল শাকদ্বীপি ব্রাহ্মণ। শক ঋষিৰ নামানুসৰিয়ে ঋগবেদৰ নাম শাকল সংহিতা"- অসম বুৰঞ্জী/৩৬৮। "মুঠ কথা খৃষ্টাব্দ দ্বিতীয় শতিকাৰ পৰা শাকদ্বীপি বা দৈৱজ্ঞসকলে কামৰূপ ৰাজৰ সমাজ, ধর্ম, ৰাজনীতি, সাহিত্য আদি বিষয়ত লাগতিয়াল অংশ গ্ৰহণ কৰি দেশৰ উন্নতি সাধন কৰিছিল বুলি বিশ্বাস কৰাৰ যথেষ্ট কাৰণ আছে।”- ৰাজমোহন নাথৰ ৰচনাৱলী/১৫৮। তাৰানাথৰ বৌদ্ধ বুৰঞ্জীত লিখিছে- খ্রীষ্টপূর্ব তিনি শতকত সিদ্ধ নামৰ এজন সূর্য্যবিপ্রই (সূর্য্য পূজক) দহ হাজাৰ শিষ্যেৰে সৈতে কামৰূপত বাস কৰিছিল। মন কৰিবলগীয়া যে সময়ৰ তাৰতম্য হ'লেও কামৰূপত/প্রাগজ্যোতিষপুৰত সূৰ্য্যবিপ্রসকলে বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা থিতাপি লৈ আৰ্য্য সভ্যতা আৰু সংস্কৃতি জয়জয়তে প্ৰচাৰ কৰিছিল। প্রাগজ্যোতিষ নামটো জ্যোতিষিক শ্রুতিৰ পৰা অহা কাৰণে এইটো সিদ্ধান্ত যে এই প্রাগজ্যোতিষপুৰ নামটো সূর্য্যবিপ্র/দৈৱজ্ঞ ব্রাহ্মণে দিছিল। কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰ নামৰ মহামূল্যবান দুয়োখন গ্রন্থ সূর্য্যবিপ্র/দৈৱজ্ঞ ব্রাহ্মণৰ সৃষ্টি বুলিও জনা যায়। হিন্দু যুগত কামাখ্যা মন্দিৰৰ পুৰোহিত গ্রহবিপ্র আছিল। উদাহৰণস্বৰূপে কোঁচৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ নতুনকৈ সজাই দি ইয়াত কেন্দু ব্যাস কলাই নামৰ দৈৱজ্ঞ ব্রাহ্মণ পুৰোহিত নিয়োগ কৰিছিল। এতিয়াও "কামাখ্যা ধামত পূজা অর্চনাত ৰত থকা বৰ্তমানৰ পাণ্ডা মণ্ডলী দৈবজ্ঞ (গণক) বুলি জনা যায়।”- শক্তিপীঠ কামাখ্যা/২৪। ওপৰোক্ত সমীক্ষাটোৰ পৰা দেখা গ'ল যে উক্ত শ্রীশ্রী ব্রহ্মবৈবর্ত পুৰাণত উল্লেখিত 'গণক 'সকল বেংগলৰ স্থানীয় সংস্কৃতিৰ লোকহে। বেংগলৰ এইসকল গণকক অসমৰ ব্ৰহ্মপুত্র উপত্যকাৰ ইমান উচ্চ খাপৰ সংস্কৃতিসম্পন্ন সূৰ্য্যবিপ্ৰৰ (যিসকলৰ ২১ টা উপাধিৰ এটা উপাধি গণক) লগত তুলনা কৰি পূজ্যপাদ ব্রাহ্মণসকলক সামাজিকভাবে অপমানিত, ঘৃণিত, অবহেলিত কৰাটো নিতান্তই দূর্ভাগ্যজনক। এনেবোৰ দেখি শুনি হিন্দু সমাজেও এনেকুৱা বিতর্কিত কু-অভিসন্ধি যুক্ত পুথিখন মহাপুৰাণ হিচাপে গ্রহণ নকৰে। অসমত বর্তমান চলি থকা পণ্ডিত প্ৰবৰ শ্রীযোগেন্দ্র শৰ্মাৰ দ্বাৰা অনুবাদিত শ্ৰীশ্ৰী ব্রহ্মবৈবর্ত পুৰাণত কিন্তু মনে সজা গণকৰ কাহিনীটো দেখা নগ'ল। কোনো কোনো লোকে মূল ধর্মব তত্ত্ব বিলাক বিকৃত কৰি নিজৰ অভীস্ত সিদ্ধিৰ হকে মানুহৰ মাজত ধর্মীয় বৈষম্য আৰু বিদ্বেষ ভাব জাগ্রত কৰে। ফলত সাধাৰণ নির্দোষী লোক ধর্মীয় সংঘাতৰ বলি হয় আৰু সামাজিক অশান্তিৰ সৃষ্টি হয়। সেয়ে এই সমীক্ষাটোৰ জৰিয়তে ওপৰোক্ত বিষয়টোৰ প্ৰতি সংশ্লিষ্ট কর্তৃপক্ষ/প্রকাশক গোষ্ঠীৰ দৃষ্টি আকর্ষণ কৰিলোঁ আৰু উক্ত পুথিখনৰ পৰা অনতি পলমে বিতর্কিত গণকৰ কাহিনীটো আঁতৰাই দিয়াৰ বাবে আহ্বান জনালোঁ কাৰণ এই বিতর্কিত কাহিনী সৃষ্টি কৰি অসমৰ অতি পুৰণি আর্য্যমূলীয় ব্রাহ্মণ জনগোষ্ঠী পূজ্যপাদ সূর্য্যবিপ্রসকলৰ সামাজিক মৰ্য্যাদা লাঘব কৰা হৈছে। শ্রীসূর্য্য, জ্ঞাতিবান্ধব খগেন্দ্রনাথ দেবশর্মা, সভাপতি, ব্রাহ্মণ মহাসভা অসম ভ্রাম্যভাষঃ৯৮৫৪৩-০২৬৮১