event image

ইতিহাস উপেক্ষিত এটি অধ্যায়-_ অসমৰ সূৰ্য্যবিপ্ৰ/ দৈৱজ্ঞ ব্ৰাহ্মণসকল

‘প্লাগজ্যোতিষপুৰ নামটো একান্তই জ্যোতিষিক। দেশখনৰ এইটো নাম দৈৱজ্ঞ ব্ৰাহ্মণে দিছিল। খৃষ্ট জন্মৰ এহেজাৰ বছৰৰ আগৰ পৰাই দৈৱজ্ঞ ব্ৰাহ্মণসকল অসমত বাস কৰি আহিছে।”--- সূৰ্য্য আৰু সূৰ্য্যবিপ্ৰ/(২) | ইয়াক কোনোমতেও নস্যাৎ কৰিব নোৱাৰি কাৰণ “Tt is mentioned as Pragjyotisha in both the epics, the Ramayana and the Mahabharata— The Com- prehensive History of Assam by H. K. Barpuzari/Vol (])" ৷ এই প্ৰাগ্‌এঁতিহাসিক যুগৰে পৰা বাস কৰি অহা দৈৱজ্ঞ ব্ৰাহ্মণসকলৰ ওপৰত কোনো বিশেষ অনুসন্ধান/গৱেষণা নকৰাকৈ কেইখনমান অসম বুৰঞ্জীয়ে/গ্ৰন্থই তেওঁলোকৰ ওপৰত ভুল তথ্য প্রচাৰ কৰি তেওঁলোকক অৱান্নাণ/বৃত্তিজীৱি/শূদ্ৰ/কলিতা জনগোষ্ঠীয় বুলি লিখি তেওঁলোকৰ প্রকৃত পৰিচয়/বুৰঞ্জী বিকৃতকৰণ কৰা দেখা যায়। বিশেষকৈ ছাত্ৰ-ছাত্ৰী/ গৱেষকসকলে দৈৱজ্ঞ বাহ্মণসকলৰ ওপৰত ভুল তথ্য পোৱাত তলত উল্লেখ কৰা বুৰঞ্জীসমূহে সহায়ৰ হাত আগবঢ়াই দৈৱজ্ঞ বান্দণসকলক সামাজিকভাৱে বাৰুকৈয়ে ক্ষতি কৰি আহিছে। উল্লেখযোগ্য যে, ১৭১৪ চনত কৃষ্ণৰাম ভট্টাচাৰ্য্য অসমলৈ অহাৰ পিছৰে পৰাই দৈৱজ্ঞ ব্ৰাহ্মণৰ বিৰুদ্ধে ব্যাপকভাৱে অপ-প্রচাৰ চলিল ৷ তেতিয়াৰে পৰা তেওঁলোকৰ বিষয়ে লাহে লাহে মানুহৰ মনত বিৰূপ ধাৰণাই ঠাই ল’বলৈ ধৰিলে আৰু তেওঁলোকে আত্ম সন্মান ৰক্ষাৰ্থে যুজিব লগীয়া হৈ আহিছে। সমগ্ৰ ভাৰতবৰ্ষত ব্ৰাহ্মণৰ শাখা- প্রশাখা অতি কমেও পোন্ধৰশ মান হ’ব! কিন্তু অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰাহ্মণৰ ভাগ দুটা ঃ সূৰ্য্যবিপ্ৰ/ দৈৱিক ব্ৰাহ্মণ/ দৈৱজ্ঞ ব্ৰাহ্মণ আৰু চন্দ্ৰ বিপ্ৰ/পৈত্ৰিক ব্ৰাহ্মণ। এই দুয়োঘৰ ব্ৰাহ্মণ সম মৰ্য্যদাৰ। অসমৰ সূৰ্য্যবিপ্ৰ আৰু চন্দ্ৰবিপ্ৰ, দুয়ো ফৈদে শুক্ল যজুৰ্বেদী। দুয়োঘৰ ব্ৰাহ্মণে নান্দিমুখ শ্ৰাদ্ধাদি কৰি দশকৰ্মৰ জৰিয়তে সংস্কাৰ হৈ আহিছে। “জন্মনাৎ জায়তে শুদ্ৰঃ সংস্কাৰৎ দ্বিজ উচ্যতে | বেদ পাঠাৎ feet ব্ৰহ্মংজানাতীতি ব্ৰাহ্মণঃ।” “যিসকল শ্ৰুতাধ্যয়ন সম্পন্ন ব্ৰাহ্মণ জ্যোতিৰ্্জানৰ অধিকাৰী হৈছিল, তেওঁলোকেহে দৈৱজ্ঞ গণক ব্ৰাহ্মণ পদবী লাভ কৰাৰ অধিকাৰী হৈছিল।”---সূৰ্য্য।/ ১২৪ ৷ অৱশ্যে এই সূৰ্য্যবিপ্ৰসকলে জ্যোতিষ চৰ্চা/অধ্যয়ন কৰোতে বীজ গণিত/পাটিগণিতৰ্‌ ব্যৱহাৰ কৰিবলগীয়া হোৱাত তেওঁলোকক গণক আৰু তেওঁলোকে ‘দৈৱ'ৰ কথা ক’ব পাৰে কাৰণে তেওঁলোকক দৈৱজ্ঞও বোলে। গণক/ দৈৱজ্ঞ একো একোটা গুণবাচক উপাধিহে মাত্ৰ। জাতি বাচক শব্দ নহয়। সূৰ্য্যবিপ্ৰসকলৰ ২১ টা উপাধি দেখা যায়। যেনে-- সাম্বৎসৰী, জ্যোতিষী, দৈৱজ্ঞ, গণক, গ্ৰহবিপ্ৰ, দ্বিজশ্ৰেষ্ঠ, সৰ্ব্বশাস্ত্ৰ বিশাৰদ, আচাৰ্য্য, ব্ৰাহ্মণেন্দ্ৰ, ঘটক, সাৰ্ব্ববেদিক, সুখী, সাখী, বৰেণ্য, অগ্নি, ষটকৰ্মা, গ্ৰহভূসুৰ, মৌছহুৰ্ত্তিক, মৌহুৰ্ত্জ্ঞানী কাৰ্ত্তস্তিকী,গ্ৰহাংশ ব্ৰাহ্মণ ৷ [শ্ৰাদ্ধত দেৱতালৈ দিয়া দ্ৰব্যসমূহ সূৰ্য্যবিপ্ৰসকলে ভোগ কৰি আহিছে। দৈৱিক ব্ৰাহ্মণ শাখাৰ কৰ্তব্য সম্বন্ধে কাশীনাথ দেৱশৰ্মা সিদ্ধান্ত ৰত্ন দেৱে ‘ব্ৰাহ্মণ সংহিতা’ নামৰ গ্ৰন্থৰ পাতনিত লিখিছে-_ যাগ-যজ্ঞ কৰা, দৌল-দুৰ্গোৎসৱ, কালীপূজা, শিৱপূজা, বিষ্ণুপূজা ইত্যাদি দেৱ পূজাৰ কৰ্মাদি কৰা, শ্ৰাদ্ধৰ পঞ্চদেৱতাৰ ভাগ আৰু বসুন্ধৰা যৌৰষ MGB, বসন্ত পূজাৰ বিশ্বদেৱৰ ভাগ গ্ৰহণ কৰা আৰু হিন্দুৰ সমস্ত লোককে দীক্ষা মন্ত্ৰাদি দিয়া দৈবিক ব্ৰাহ্মণৰ কাম। আনফালে নান্দিমুখ শ্ৰাদ্ধ বা দশ সংস্কাৰ শ্ৰাদ্ধ কৰা, একাদিষ্ট শ্ৰাদ্ধ কৰা, মৰা মৃতকৰ TCU SPAS দান-দক্ষিণা গ্ৰহণ, প্ৰায়শ্চিত্তৰ কিয়দংশ ধন গ্ৰহণ Hal পৈত্ৰিক ব্ৰাহ্মণসকলৰ কৰ্ম | পৈত্ৰিক ভাগ অৰ্থাৎ আমন্নাদি কাণ্ডৰ ভাগ আৰু পিণ্ডাদি কাণ্ডৰ ভাগ পৈত্ৰিকসকলে পায়।|--- সূৰ্য্য/ ১২৪,প্রঃ ee | যিহেতু তলত উল্লেখিত অসম বুৰঞ্জীসমূহে সূৰ্য্যবিপ্/ দৈৱজ্ঞ ব্ৰান্মণসকলৰ ওপৰত বিৰূপ মন্তব্য কৰি আহিছে, ফলত গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলে দৈৱজ্ঞ ব্ৰাহ্মণসকলৰ ওপৰত শুদ্ধ ধাৰণা পোৱা নাই সেয়ে সূৰ্য্যবিপ্ৰ/ দেৱজ্ঞ ব্ৰাহ্মণৰ ওপৰত বেদ, পুৰাণ, মহাভাৰত, ৰামায়ণ, বুৰঞ্জী, সূৰ্য্যবিণ্সকলৰ ওপৰত প্রণয়ন কৰা গৱেষণামূলক গ্ৰন্থসমূহে আগবঢ়োৱা সিদ্ধান্ত/মন্তব্যসমূহৰ আলোকপাত কৰা হ’ল-_ ক) দৈৱজ্ঞ শব্দৰ ব্যুৎপত্তি 3 “পূৰ্বজন্মাৰ্জিত সদসৎকৰ্মবিপাকোদৈৱম্‌। তজ্জনাতীতি দৈৱজ্ঞস্তস্যভাবো দৈৱজ্ঞত্বমিতি | |” অৰ্থাৎ পূৰ্বজন্মাৰ্জিত সৎ"অসৎ কৰ্মফলকে দৈৱ বোলে। যিজনে এই শাস্ত্ৰ জানে তেৱেঁই CHATS | ইয়াত জাতি বুজোৱা নাই। খ) গণক 8 অপাৰ সমুদ্ৰসদৃশ হোৰাশাস্ত্ৰ (জ্যোতিষশাস্ত্ৰ)ৰ যদি অলপো জ্ঞান থাকে, পাটীগণিত আৰু বীজগণিতৰ দ্বাৰা তিথি, নক্ষত্ৰ, যোগ, কৰণ আৰু স্ফুটাদিৰ কিঞ্চিৎ বোধগম্য হৈ, পৃথিৱীৰ উপকাৰৰ নিমিত্তে যিজনে যাগ-যজ্ঞাদিৰ যথাযথ সময় নিৰূপণ কৰিব পাৰে, তেওঁকেই গণক বুলি কোৱা হয়।-- প্রমিতক্ষৰায়াম্‌। গ) [যজুৰ্বেদত (৩০/২০)গণক শব্দটোৰ উল্লেখ আছে। ভক্তই HAS ওচৰত প্ৰাৰ্থনা কৰিছে-- “মহসে” “যাতে আমি শ্ৰদ্ধা জনাব পাৰো, আমাক এজন গণক দিয়া।” এইটো গণক শব্দৰ অৰ্থ কি? দেৱীচাদে ‘গণক’ শব্দটো অঙ্ধশাস্ত্রবিৎ, Mathematician বুলি অনুবাদ কৰিছে।| সূৰ্য্য আৰু সূৰ্য্যবিপ্ৰ/(২), দ্বিতীয় প্রকাশ।ঘ) “ডঃ যোগীৰাজ বসুৱে গণক শব্দটো জ্যোতিষী বা Astrologer বুলি অনুবাদ কৰিছে। ইংৰাজী A stro শব্দটো আনন্দৰাম বৰুৱাৰ সংস্কৃত অনুবাদ হৈছে? ১) গণক, ২) দৈৱজ্ঞ,৩) কাৰ্ত্তান্তিক, 8) মৌহুৰ্ত্ত। প্রাচীন কালত গণকেই জ্যোতিষ ae, অংকশাস্ত্ৰবিৎ আৰু /*৪{"'01100])2]' আছিল। যিকি নহওঁক দৈৱজ্ঞ আৰু গণক এই দুয়োটা শব্দ অতি পুৰণি আৰু সন্মান ভাজন |” অমৰ কোষৰ ১৮৮ পৃষ্ঠাত সাংবৎসৰ, জ্যোতিষিক, দৈৱজ্ঞ, গণক, মৌছহুৰ্ত্তিক, মৌহুৰ্ত্ত, জ্ঞানিন, জ্যোতিৰ্বেত্তা-_- একে অৰ্থকে বুজাইছে। ৬) মহাভাৰত ঃ [নাৰদে যুধিষ্ঠিৰক সুধিছে---“ তোমাৰ দৈৱজ্ঞ অংক বিদ্যাত, জ্যোতিষত আৰু উৎপাত শান্তি কৰাত পাৰ্গততো? হোৰা,গণিত আৰু সংহিতাত সু-পণ্ডিত দৈৱজ্ঞ বিজয়াকাজ্খী ৰজাৰ পূজনীয় ৷”|-- সূৰ্য্য আৰু সূৰ্য্যবিপ্ৰ/ ২৭, দ্বি.্ল৷মহাভাৰত বিজয় পৰ্ব ঃ “চন্দ্ৰবিপ্ৰ সূৰ্যবিপ্ৰ দুতয় কুলক। আনন্দ কৰায়া সবে দিয়োক CATO || কাল গ্ৰহ 1 ৰূপ সূৰ্য্যবিপ্ৰ নিৰন্তৰ। আসম্বাক দিয়োধনৰত্ন AOS | | লভিলো নয়ন আৰো সৱ প্রসাদক। (২৬২১) গজবাজী প্রজা তুমি দিয়া SHAS | | চন্দ্ৰবিপ্ৰ সবাকয়ে কৰায়ো ভোজন ৷ (২৬২২)”।চ) “শাস্ত্ৰই কয় দেৱকৰ্ম পিতৃকৰ্মৰ ৰক্ষক। সেই কাৰণে অসমত পিতৃকৰ্ম কৰাৰ আগতে দৈৱজ্ঞ ব্ৰাহ্মণে বিশ্বদেৱ আৱাহনাদি কৰিছিল আৰু শ্ৰাদ্ধৰ শেষত বিশ্বদেৱ বিসৰ্জনাদি দেৱ কৰ্ম কাৰিছিল--- মনু ৩/২০৩-সদ্ৰষ্টব্য। দুই শ্ৰেণীৰ Rel নহ’লে শ্ৰাদ্ধ সম্পন্ন নহৈছিল।”--- সূৰ্য্য আৰু সূৰ্য্যবিপ্ৰ/ ob, fa. প্র। ছ) দীপিকা ছন্দ $ “এহি সব আদি পৰম যোগেন্দ্ৰ সূৰ্য্যবিপ্ৰ নিৰন্তৰ। ইসব সকলে জ্যোতিৰ্ব্বেদ জ্ঞাতা, দৈৱৰ গতি জানয়। এতেকেসে দেৱী, ইটো সমস্তক দেৱজ্ঞ বেদে বোলয় | 0” 1) [হৰ গৌৰী সম্বাদ তন্তু $“দৈৱজ্ঞোত্তম্‌ শ্ৰেষ্ঠোত্তম বিপ্ৰ এবচ ৷ শতবিপ্র সমাসেন দৈৱজ্ঞ এক উচ্যতে | দ্বিজাদি সৰ্ববৰ্ণানাং দৈৱজ্ঞঃ পৰমো গুৰু|---উৎস সূৰ্য্য আৰু সূৰ্য্যবিপ্ৰ/(৮) ৷ অৰ্থাৎ দৈৱজ্ঞসকল শ্ৰেষ্ঠ fel, Gey বিপ্ৰ এশজনৰ সমান এজন দৈৱজ্ঞ ব্ৰাহ্মণ ৷ দ্বিজাদি সকলোৰে পৰম গুৰু দৈৱজ্ঞ। Al) দীপিকা ছন্দই কৈছে সূৰ্য্য বিণ আৰুচন্দ্ৰবিপ্ৰ দুয়োৰো নাই ভিন্নাভিন্ন-- “জানিবাহা দেবি, দুয়োৰো নাইভিন্নাভিন্ন। শ্ৰুতি শাস্ত্ৰ জ্যোতি দুয়ো একয়ে সমান।/১১৪ দুহানো হৈবেক বেদ ধৰ্ম অধিকাৰ। এক কৰ্ম এক বিধি আচাৰ বিচাৰ ।/১১৫৷” £8) বৃহৎ মনু সংহিতা 8 যজ্ঞে দানে বিবাহে ব্ৰতে পুংসবনে তথা৷ গ্ৰহ পূজা চ হোমানি কৰ্ত্তব্যানি গ্ৰহ দ্বিজে | Vos হোমে চ মাঙ্গল্য সৰ্ব্বত্ৰ বৰণী কৃতাঃ ৷/৭৭ (যজ্ঞত, দানত, বিবাহত, পুংসবনত,গ্ৰহপূজা-হোমত আৰু সকলো মাঙ্গলিক কাৰ্য্যত দৈৱজ্ঞ ব্ৰাহ্মণসকল ATT |) উৎস ঃ সূৰ্য্য আৰু সূৰ্য্যবিণপৰ (৮) । ট) ভক্তিপ্রেমাবলী/৫০--- “প্রথমতে মই স্ৰজিলো দৈৱজ্ঞ, জ্যোতিষ গুণে পণ্ডিত৷ ধৰ্মতো সত্তম যাক নাহি সম সত্যৱন্ত-পুণ্যৱন্ত ৷” ঠ) প্রমিতাক্ষৰায়ত আছেঃ “গায়ত্ৰী গুৰৌ বিপ্ৰঃ পিতা-মাতা কুলে কুলে ৷ দ্বিজাদি সৰ্ব্ববৰ্ণানাং দৈৱজ্ঞ পৰমং Ve | |” (অসমৰ সূৰ্য্যবিপ্ৰসকলৰ চমু ইতিহাস/১৫)। (পিতা মাতা আদি গুৰু, ব্ৰাহ্মণৰ গায়ত্ৰী গুৰু আৰু ব্ৰাহ্মণ আদি কৰি চাৰি জাতিৰ দৈৱজ্ঞ ব্ৰাহ্মণ পৰম GE |) ড) দৈৱজ্ঞ দৰ্শনে পৃণ্যমৰ্চনে লক্ষ্মী বৰ্দ্ধনম। স্পৰ্শনে চ ভবেদ্দায়ু কুলবৃদ্ধি ভবেৎ ধ্ৰুবম্‌।|-- জ্যোতিষ ৰত্নমালা। (দৈৱজ্ঞ দেখিলে পূণ্য হয়, অৰ্চনা কৰিলে লক্ষ্মী বাঢ়ে। স্পৰ্শ বা সেৱা কৰিলে আয়ু বৃদ্ধি আৰু কুল বৃদ্ধি হয়-- এইটো ধ্ৰুৱ সত্য।) ঢ) সূৰ্য্য সিদ্ধান্তত দেখা যায়-_ “জ্যোতিষ শাস্ত্ৰ দ্বাৰা গ্ৰহ জ্ঞান হয়। জ্যোতিষজ্ঞ লোক (দৈৱজ্ঞ) সূৰ্য্যাদি লোকে গমণ কৰে আৰু জ্যোতিৰ্ব্বিদ (দৈৱজ্ঞ) দৰ্শনে পুণ্য লাভ Za I (অঃ সুঃ বিঃ চঃ ইঃ/১৪)। ৭) নাস্তি বেদাৎ পৰং শাস্ত্ৰং নাস্তি গঙ্গা সমো সৰিৎ | অশ্বমেধসমং AGL নাস্তি পুত্ৰ সমং সুখং || নাস্তি ভানু সমো দেবো নাস্তি মাতৃ সমাগতি | তথোত্তমো দৈবজ্ঞস্ত সংপ্লোক্তো ভাস্কৰেণ তু || ভৱিষ্য ব্ৰাহ্ম ৭ম্‌ কল্প। (বেদতকৈ উত্তম শাস্ত্ৰ নাই, গংগাতকৈ উত্তম পানী নাই, অশ্বমেধতকৈ ডাঙৰ পূণ্য নাই, সুপুত্ৰতকৈ ডাঙৰ সুখ নাই, সূৰ্য্যৰ সমান ডাঙৰ দেৱতা নাই মাতৃতকৈ পৰম৷ গতি নাই, সেইদৰে দৈৱজ্ঞ ব্ৰান্মণতকৈ উত্তম ব্ৰাহ্মণ নাই। ত) অসম বুৰঞ্জীয়ে সাক্ষ্য দিছে যে আহোম ৰজা/কোচ ৰজাসকলে কোনো কোনো দৈৱজ্ঞ ব্ৰাহ্মণক সোণৰ VS দান কৰিছিল! তামৰ ফলিত লিখি ব্ৰাহ্মোত্তৰ ভূমি দান কৰিছিল। সোণৰ Vy দানৰ অধিকাৰী অকল সূৰ্য্যবিপ্ৰ/ দৈৱজ্ঞ ব্ৰাহ্মণহে হোৱা দেখা গৈছিল। অন্য ফৈদৰ ব্ৰাহ্মণৰ নাম দেখা নগৈছিল। এইটো বিশেষ বৈশিষ্ট হিচাপে অসম বুৰঞ্জীত দেখা যায়। থ) কামাখ্যা মন্দিৰত কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত কেন্দু কলাই নামেৰে সূৰ্য্যবিপ্/দেৱজ্ঞ ব্ৰাহ্মণ পূজাৰী নিযুক্তি পাইছিল, উৎস--- সূৰ্য্য আৰু সূৰ্য্যবিপ্ৰ/৬৭। পৰম শ্ৰদ্ধেয় শ্ৰীযুত মাণিক চন্দ্ৰ ভট্টাচাৰ্য্য দেৱে তেওঁৰ ‘শক্তিপীঠ কামাখ্যা’ নামৰ গ্ৰন্থৰ ২৪ নম্বৰ পৃষ্ঠাত লিখিছে-_ “কামাখ্যা ধামত পূজা-অৰ্চনাত ৰত থকা বৰ্তমানৰ পাণ্ডা মণ্ডলী Crees (গণক) বুলি জনা যায়। পুৰুষাণুত্ৰমে তেওঁলোকে এই মহাপীঠত পাণ্ডাৰ ভূমিকা পালন কৰি দেৱীৰ সেৱা-পূজা কৰি আহিছে।” দ) ৰামায়ণ ঃৰামে সূৰ্য্য পূজা সম্পৰ্কে দীপিকা ছন্দতো কৈছে-- “অসংখ্যাত সূৰ্য্যবিপ্ৰ সঙ্গে কৰি নিব। পিপ্লাবন তীৰ্থে যাই আদিত্য পুজিব।”--৬০৩। 4) ACHAT নাওবৈচা ফুকনৰ ‘অসম বুৰঞ্জী (০.৪ ১)'__ “এই অসম দেশত গণক অৰ্থাৎ দৈৱজ্ঞৰ উৎপত্তি 2 গণক অৰ্থাৎ জ্যোতিষ শাস্ত্ৰ মতে গণনা কৰি চাই ভূত, ভৱিষ্যত ও বৰ্তমানৰ ঘটনাৰ কথা ক’ব পাৰে, এই হেতুকে গণক নাম পাইছে। গণক জাতৰ নাম নহয়, ই এটি গুণৰ নাম, দৈৱজ্ঞ জাত নহৈ ইয়ো গুণৰ নাম অৰ্থাৎ জ্যোতিষ শাস্ত্ৰ চাই বা জ্যোতিষ শাস্ত্ৰৰ কথা মনত ৰাখি দৈৱিক কথা ক’ব পাৰে অৰ্থাৎ নেদেখা কথা ক’ব পাৰে। গণক বা দৈৱজ্ঞ লোকৰ আচল কুল সূৰ্য্যবিপ্ল |” সেয়ে অনুমান কৰিব পাৰি যে অসমৰ কিছু কিছু বুৰঞ্জীবিদে সূৰ্য্যবিপ্ৰ/ দৈৱজ্ঞ বান্দণসকলক নীচ,ব্ৰাহ্মণতকৈ দৈৱজ্ঞ ব্ৰাহ্মণ/গণকসকল তল শ্ৰেণীৰ, তেওঁলোকে ব্ৰাহ্মণৰ দৰে লগুণ পিন্ধে,ব্রাহ্মণসকলৰ পাছতেই দৈৱজ্ঞ/গণকসকলৰ সমাজত স্থান, SAAT, FSGS জাতি শূদ্ৰ আদি আখ্যা দি কুৎসা ৰটনা কৰি সূৰ্য্যবিপ্ৰসকলৰ ওপৰত তেওঁলোকৰ সীমিত জ্ঞানৰ পৰিচয় দি গৈছে/দি আছে। বিশেষকৈ বুৰঞ্জীবিদসকলে সূৰ্য্যবিপ্ৰ/ দৈৱজ্ঞ ব্ৰাহ্মণসকলক ‘গণক’ জাতি লিখি মোক্ষম আঘাত হানিছে। লগে লগে তেওঁলোকৰ পাণ্ডিত্যৰ ওপৰতো প্রশ্নবোধক চিন আহি পৰা অনুভৱ হ’ল, কাৰণ অসমত বিষেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত কোনো ‘গণক’বুলি জাতি নাই। হৰগৌৰী সম্বাদ তন্ত্ৰৰ মতে--“আদৌ দৈৱজ্ঞ ঃ সম্ভুতো জ্যোতিষাং ASAT” | ন) সন্মানীয় চন্দ্ৰবিপ্ৰ সমাজে ২০১৭ চনত প্রকাশ কৰা ‘গায়ত্ৰী'ৰ দ্বিতীয় সংখ্যাত লিখিছে--- “সূৰ্য্যবিপ্ৰ হ’ল সূৰ্য্যৰ উপাসক | তেওঁলোক অসমৰ ব্ৰাহ্মণ জাতিৰ এটি শাখা, পৰম্পৰাগত ভাৱে সূৰ্য্যবিপ্ৰসকল আছিল সৌৰীয় শাখাৰ | তেওঁলোকৰ পূৰ্বপুৰুষসকল ক্ৰমে SATS, বৰাহমিহিৰ, গৰ্গ, প্ৰদুম্ন, ব্ৰহ্মণ্ুণ্ত, বিজয়নন্দন, ভাস্কৰাচাৰ্য্য, TASS, গণেশ আদিয়ে ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ উৎকৰ্ষ সাধন কৰিছিল। তাৰোপৰি চাৰি বেদ চৰ্চা, ভাৰতীয় দৰ্শনৰ সত্যানুসন্ধান, আয়ুৰ্ব্বেদ চিকিৎসা প্ৰণালীৰ বিশদ জ্ঞান, দেৱ-দেৱীৰ পূজা অৰ্চনা, দীক্ষা দিয়া আদিও সূৰ্য্যবিপ্ৰসকলৰ কৰণীয় আছিল৷” এইসকল ব্ৰাহ্মণৰ কৰ্তব্য ছয় বিধ। “অধ্যাপনা কৰা, বেদাদি শাস্ত্ৰ অধ্যয়ন কৰা, যজন বা নিজে যজ্ঞাদি কৰা, যজ্ঞাদিত পৌৰহিত্য কৰা, দান কৰা আৰু দান গ্ৰহণ কৰা ৷” সন্মানীয় চন্দ্ৰবিণ্ৰসকলে তেওঁলোকৰ দ্বাৰা প্ৰকাশিত “TGS এই কথাখিনি প্রকাশ কৰাই এটা বিশেষ তাৎপৰ্য্য বহন কৰিছে। প) প্রায় বিলাক পুৰাণতে দৈৱজ্ঞ শব্দটো সুলভ। অগ্নি পুৰাণ (ৰচনা কাল ৭ শতিকা, নৱভাৰত AEDS, কলিকতা পৃ.৫০৫।)। “দৈৱজ্ঞ পুৰোহিত Galle কাৰ্য্যে এইসকল মন্তৰ যোগে দেৱতা দিগেৰ অৰ্চনা কৰিয়া ৰাজাদিগেৰ অভিশেষ কৰিবেন |” (মন্ত্ৰৈঃ সদাৰ্চ্চনীয়াস্তে যোজনীয়া জয়াদিষু ৷ ৰাজ্ঞো অভিষেকঃ কৰ্ত্তব্যো দৈৱজ্ঞেন পুৰোধসা।”) অৰ্থাৎ ৰাজ অভিষেক কাৰ্য দৈৱজ্ঞ পুৰোহিতৰ দ্বাৰা কৰোৱা হৈছিল। ফ) স্কন্দ পুৰাণ, নৱভাৰত পাব্লিচাৰ্চ, কলিকতা, নাগৰ খণ্ড, ৬৩ অধ্যায় ৮ নং শ্লোকত দৈৱজ্ঞক দিজোত্তম বুলি আখ্যা দিয়া দেখা গৈছে। স্কন্দ পুৰাণ, নৱভাৰত পারিচাৰ্চ, কলিকতা, বিষ্ণুখণ্ড ষষ্ঠ অধ্যায়ত ৮ আৰু ৯ নং শ্লোকতো দৈৱজ্ঞসকলক বিপ্ৰেন্দ্ৰ আৰু বৃহস্পতি তুল্য বুলি দেখুৱাইছে। ব) ডঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘যাক সৰস্বতী আখ্যা দিয়া হৈছে’ ‘সূৰ্য্য’ নামৰ গৱেষণামূলক গ্ৰন্থত লিখিছে-- “অসমত ব্ৰাহ্মণৰ ভাগ দুটা--- সূৰ্য্যবিপ্ৰ আৰু চন্দ্ৰবিপ্ৰ ৷ এই দুয়োবিধ ব্ৰাহ্মণেই সমপৰ্য্যায়ৰ ৷” এতিয়ালৈকে এই মতক কোনো পণ্ডিতে প্রত্যাহ্বান জনোৱা নাই। ভ) স্বৰ্গীয় গোলকেশ্বৰ বৰুৱা, আই এ এচ- এ লিখা গৱেষণামূলক গ্ৰন্থ ‘সূৰ্য্য আৰু Ges মতে-_“গণক/ দৈৱজ্ঞ মাত্ৰেইব্ৰাহ্মণোত্তম” আৰু “সূৰ্য্যবিপ্ৰৰ ৰজা, পৰমৱ্ৰহ্মসূৰ্য্য ৷ সূৰ্য্যপূজা কৰিছিল দেখি এওঁলোক সূৰ্য্যবিপ্ৰ নামে জনা যায়।” ম) “তস্মাদ্‌ দ্বিজৈৰধ্যয়নীয় মেতৎ পুণ্যং ৰহস্যং পৰমঞ্চ HL যো জ্যোতিষং বেত্তি নৰঃ সম্যগ। ধৰ্ম্মাৰ্থ কামাঞ্চ লভতে যশশ্চ।”---সিদ্ধান্ত শিৰোমণি | (জ্যোতিষ শাস্ত্ৰ বেদাঙ্গ বাবে দ্বিজাতিৰ (দ্বিজৰ) পাঠ্য, পবিত্ৰ, গোপনীয় পৰম তত্ব। এই জ্যোতিষ শাস্ত্ৰ যিয়ে জানে তেওঁ ধৰ্ম, অৰ্থ, কাম আৰু যশ অৰ্জন কৰে। য) সিদ্ধান্ত সংহিতা হোৰা ৰূপ স্কন্ধ ভ্ৰয়াত্মকম্‌। বেদস্য নিৰ্মলং চক্ষুৰ্জ্যোতিঃ শাস্ত্ৰমকল্মযম্‌। বিনৈত দখিলং CHS স্মাৰ্ত্তং কৰ্মং ন সিদ্ধ্যতি! তস্মাজ জগদ্ধিতায়ৈদং ব্ৰহ্মণা নিৰ্মিতং পুৰা। অতএব fate ৰেতদধেতব্যং প্রযস্ততঃ।--- নাৰদ। (সিদ্ধান্ত সংহিতা হোৰা--- এই তিনিটা স্কন্ধত বিভক্ত পৱিত্ৰ জ্যোতিষ শাস্ত্ৰ বেদৰ নিৰ্মল চক্ষু। জ্যোতিষ শাস্ত্ৰ অবিহনে বৈদিক বা স্মৃতিত উল্লেখিত কাৰ্য্য সম্পন্ন হ’ব নোৱাৰে৷ সেয়ে জগতৰ উপকাৰৰ নিমিত্তে ব্ৰহ্মাই এই শাস্ত্ৰ নিৰ্মাণ কৰিছে। দ্বিজসকলৰ এই শাস্ত্ৰ পঠনীয়। ৰ) ব্ৰহ্ম বৈৱৰ্ত্ত নামৰ পুৰাণখনৰ তলৰ বাক্যকেইটা মন কৰক-- “ইহাৰ বংশতে জন্মি কোন জন, বেদ অধ্যয়ন আদি কৰয়ে বৰ্জন ৷ লোভ বশে তাৰ৷ সবে বেতন লৈয়ে | জ্যোতি শাস্ত্ৰ চৰ্চ্চা কৰে সানন্দ হৃদয়ে ৷ গণক হইলা তাৰা জানিবে XAT | আৰু এক কথা বলি শুনহ সবায়। কেহ PY লোভবশে শুদ্ৰ দান লয় যবে আদ্যক্ৰিয়া হয়। অগ্রদানী নামে তাৰা প্ৰসিদ্ধ হৈল |” জ্যোতিষ শাস্ত্ৰ বেদাঙ্গ হোৱাই এইখন পুৰাণে কোৱা ওপৰোক্ত কথাখিনি মিচা বুলি প্রমাণ হৈছে। এই পুৰাণখনৰ লিখকৰ নাম ব্যাস নহয় বুলি দেখা যায়! বহুত পিছতহে ব্যাসৰ নাম যোগ কৰা হৈছে। আনহাতে কোনো সূৰ্য্যবিপ্ৰ দৈবজ্ঞ ব্ৰাহ্মণে শূদ্ৰৰ মৃতকৰ ঘৰত গৈ দান নলয়। চন্দ্ৰবিপ্ৰইহে শূদ্ৰৰ মৃতকৰ দান লোৱা দেখা যায়। এইব্ৰহ্ম বৈৱৰ্ত্ত পুৰাণখন ১৫-১৬ শতিকাত বেঙ্গলত ৰচনা হৈছিল। আঠ শতিকাত ৰচনা কৰা মূল ব্ৰহ্ম বৈৱৰ্ত্ত পুৰাণখন হেৰাইছিল বুলি প্রমাণো আছে। সেয়ে বৰ্তমান চলি থকা ব্ৰহ্ম বৈৱৰ্ত পুৰাণখনৰ বিশ্বাসযোগ্যতা নাই। মাত্ৰ বিতৰ্ক সৃষ্টি কৰি আছে। সেয়ে ASEM অধিকাৰীয়ে তেওঁৰ ‘জাতিতত্বব বিচাৰ আৰু বেদ বিধান’ ৮৬ পৃষ্ঠাত অসমৰ সূৰ্য্যবিপ্ৰ/ দেৱজ্ঞ ব্ৰাহ্মণসকলক এই বিতৰ্কিত পুৰাণৰ আধাৰত গণক জাতি বুলি কোৱাৰ লগতে বৰ্ণশঙ্কৰ হিচাবেও দেখুৱাই তেওঁলোকক সামাজিক ভাৱে ঘোৰ অপমান কৰিছে। সেয়ে গ্ৰন্থ প্ৰকাশিকা দময়ন্তী দেৱীৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ বাহিৰে আন পন্থা দেখা নাযায়। কাৰণ লিখক ইতিমধ্যে ঢুকাইছে। উক্ত ব্ৰহ্ম AS পুৰাণত-_ “Reo জ্যোতিৰ্গননাদ্‌ বেতনাদ্চ নিৰস্তৰম্‌। বেদাধ্যয়ন পৰিত্যক্তো বভুব গণকো ভূবি।।” বঙ্গদেশৰ পণ্ডিতে গণক বুলি পৰিচিত আচাৰ্য্য ব্ৰাহ্মণক ভাতে কাপোৰে মাৰিব নোৱাৰি এইটো জাল call ৰচিলে ৷--- সূৰ্য্য আৰু সূৰ্য্যবিণ/১২৪ | ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ আগতেও ১৪ শতিকাতো বৃহদ্ধৰ্ম নামৰ পুৰাণ এখন বেংগলত দৈৱজ্ঞ ব্ৰাহ্মণসকলক হীন কৰিবলৈ ব্যাসৰ নামত ৰচনা কৰা হৈছিল। উল্লেখযোগ্য যে এই পুৰাণখন উপ পুৰাণ বা পুৰাণৰ শাৰীত নপৰে বৰং বৰ্জনীয় | -_(পদ্ম পুৰাণ, ৬৩ অধ্যায়, পাতাল খণ্ড, শ্লোক নং ৪৮-৫১)।ল) তাতে আকৌ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আমন্ত্ৰণত কৃষ্ণৰাম ভট্টাচাৰ্য্যই আহি অসমৰ দৈৱজ্ঞ ব্ৰাহ্মণসকলক গিলি থ’বলৈ লৈছিল কিন্তু কেইজনমান বিজ্ঞ দৈৱজ্ঞ পণ্ডিতে শিৱ সিংহৰ ৰাজ সভাত সূৰ্য্যবিপ্ৰ/ দৈৱজ্ঞ ব্ৰাহ্মণসকলক ৰক্ষা কৰিছিল। তেওঁলোকৰ বৈদিক আধাৰত যুক্তি তৰ্কত ভট্টাচাৰ্য্যই সেও মানিছিল। “আৰু ব্ৰাহ্মণ দেৱজ্ঞৰো বাদানুবাদ হ’ল। ভট্টাচাৰ্য্য গোসাইৰ মতে দৈৱজ্ঞ গণক GSAT | তেওঁলোকে শৰ্মা লিখিব নাপায় আৰু দক্ষিণাকো গ্ৰহণ কৰিব নাপায়। ইয়াতে থাকি ৰজাঘৰত বৰ বিচাৰ হৈ জ্যোতিষীয়া পণ্ডিত আদিৰ সহিতে শাস্ত্ৰমতে বিচাৰ হৈ হীন কৰিব নোৱাৰাত ৰজা ঘৰৰ পৰা এই আজ্ঞা হ’ল যে ব্ৰাহ্মণ দৈৱজ্ঞ সমান আৰু সমান মতে শৰ্মা, শৰ্ম্মন লিখিব পাৰিব। আৰু দক্ষিণাকো গ্ৰহণ কৰিব পাৰিব এবং গ্ৰহ যজ্ঞাদি কৰিব কিন্তু প্ৰায়শ্চিত্ত ও শ্ৰাদ্ধ কৰ্ম কৰিব নোৱাৰিব আৰু ব্ৰাহ্মণেও গ্ৰহ যজ্ঞাদি নকৰিব | এই ব্যৱস্থা হোৱাত সেইমতে চলিত হৈ আহিছে।”--- ইতিহাসে সোঁৱৰা ছশটা বছৰ/৩০৬ | যিহেতু সূৰ্য্যবিপ্ৰ/ দেৱজ্ঞ ব্ৰাহ্মণসকলে গ্ৰহ পূজা -যজ্ঞাদি কৰোঁতে সমস্ত দেৱ-দেৱীৰ পূজা - যজ্ঞাদিও কৰে, সেয়ে দেৱ কৰ্মভাগ সূৰ্য্যবিণ্ৰৰ আৰু প্ৰেত কৰ্মভাগ (শূদ্ৰৰ শৱ দাহনকে ধৰি সকলোখিনি আদ্য শ্ৰাদ্ধৰ কৰ্মভাগ) চন্দ্ৰবিপ্ৰসকলৰ বাবে নিৰ্দ্ধাৰিত হৈছিল। এতিয়া অৱশ্যে এই ধাৰণা সলনি হৈছে। দুয়ো পক্ষই দেৱ কৰ্ম কৰি আহিছে। কিন্তু গ্ৰহ পূজা - যজ্ঞভাগ সূৰ্য্যবিপ্ৰসকলে একচেতীয়া ভাৱে কৰি আছে। কাৰণ “যজমানেষ্ট সিদ্ধাৰ্থং গ্ৰহনাং প্ৰীতিকাৰকম্‌ | পূজা যজ্ঞাদিকং ব্ৰহ্মণ কুৰ্য্যাদেৱ গ্ৰহদ্বিজঃ। অন্যথা যদি কুৰ্য্যান্তু ফলমশ্ৰেয়সে ভবেৎ।” (যজমানৰ মনৰ কামনা সিদ্ধি আৰু গ্ৰহগণৰ প্ৰীতি কামনাৰ কাৰণে গ্ৰহ বিপ্রইহে গ্ৰহ পূজা, যজ্ঞাদি কৰিব৷ অন্য ব্ৰাহ্মণৰ দ্বাৰা কৰালে অমঙ্গলহে হ’ব।)-- ব্ৰহ্ম সিদ্ধান্ত। ৱ) ভগবান পাণিনি, মনীষী চাণক্য আৰু পতঞ্জলীও আছিল সৌৰ ধৰ্মৰ উপাসক সূৰ্য্যবিপ্র ৷ ভাৰতৰত্ন গোপীনাথ বৰদলৈ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, প্রাক্তন সাংসদ হেম বৰুৱা, সাহিত্য অকাডেমী বঁটা প্রাপক তথা সৰস্বতী ডঃ নিৰ্মলপ্ৰভা বৰদলৈ, পদ্মশ্ৰী নলিনীবালা দেৱী, বিখ্যাত শৰাইঘাটৰ ৰণত সেনাপতি লাচিত বৰফুকনৰ সোঁহাত স্বৰূপ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰা সাগৰখৰি অচ্যুতানন্দ দলৈ, অপ্রমাদী কবি মাধৱ কন্দলী আদি লোকসকল সূৰ্য্যবিপ্ৰসকলৰ গৌৰৱ। গ্ৰহ যামলৰ মতে “যদা যদা হি ধৰ্মস্য গ্ল'নি্ভবতি ভাৰত | অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম্‌।। পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম্‌। ধৰ্মসংস্থাপনাৰ্থায় সম্ভবামি যুগে যুগে।।”-- গীতা। এই শ্লোকটোৰ পৰা বুজা যায় যে শ্ৰীকৃষ্ণৰ জন্মৰ পূৰ্বে দ্বাপৰৰ শেষত ভাৰতবৰ্যত ধৰ্মৰ বিপ্লব হৈছিল। এই কথাখিনি দেৱী ভাগৱত নামক মহাপুৰাণত ১২ স্কন্ধত ৯ অধ্যায়ত বৰ্ণিত আছে--- সেই সময়ত ভাৰতীয় ব্ৰান্মণসকল বেদ বিস্মৃত বৈদিক আচাৰ পৰিভ্ৰস্ত আনকি জপনীয় গায়ত্ৰী মন্ত্ৰ প্ৰতি বীতশ্ৰদ্ধ হৈছিল। সেয়ে বৈদিক ধৰ্ম ৰক্ষাৰ 3 কাৰণে ভগৱান কৃষ্ণ স্বয়ং MAGS হৈ সূৰ্য্যোপাসক বেদ বেদাঙ্গ পাৰগ ব্ৰহ্মজ্ঞান সম্পন্ন অষ্ঠাদশ গোত্ৰীয় সদাৰ পুত্ৰ শাবদ্বীপী ব্ৰাহ্মণসকলক সাম্বক অভিশাপ দিয়াৰ চলেৰে SAI (ভাৰতবৰ্ষ)লৈ আনি ব্ৰহ্মজ্ঞানমূলক বৈদিক ধৰ্ম প্রতিষ্ঠা কৰে। পুনৰবাৰ ভাৰতীয় ব্ৰাহন্মণসকল সদাচাৰ নিৰত ও ব্ৰহ্মজ্ঞানে বলীয়ান হৈ উঠিছিল! শাক্দ্বীপীয় সূৰ্য্যোপাসক ব্ৰাহ্মণসকলে সূৰ্যৰ মহিমা জপ কৰাৰ কাৰণে মগ ব্ৰাহ্মণ নামেও জনা গৈছিল।‘ম’ৰ ধ্যান কৰাৰ বাবে মগ ব্ৰাহ্মণ নাম পাইছিল। Ss অৰ্থ আদিত্য। হুণ্ডা ফলিৰ (৭৭৪ খ্ৰীষ্টাব্দত) পৰা মগ ব্ৰাহ্মণসকলক সূৰ্য্যদ্বিজ (সূৰ্য্যবিপ্ৰ) বুলি জনা যায়।-- সূৰ্য্য। আনহাতে সাম্বপুৰাণেও (ৰচনা কাল ৬৫০-৮৫০ Be) সাক্ষ্য বহন কৰিছে যে শ্ৰীকৃষ্ণৰ শাপত শআীকৃষ্ণপুত্ৰ সাম্বৰ কুষ্ঠ ৰোগ হৈছিল। সাম্বই সূৰ্য্যৰ উপাসনা কৰি এই ৰোগৰ পৰা মুক্তি পাইছিল। সেয়ে সূৰ্য্যৰ মন্দিৰ সজাই সূৰ্য্যোপাসক বেদজ্ঞ শাকদ্বীপি ব্ৰাহ্মণসকলক কৃষ্ণৰ আদেশ মতে শাকদ্বীপৰ পৰা শাম্বই জন্বু দ্বীপলৈ আনি মিত্ৰ বনত প্রতিষ্ঠা কৰিছিল। শান্ব পুৰাণৰ মতে সেই সময়ত সূৰ্য্য পূজাৰ বাবে SY দ্বীপত উপযুক্ত ব্ৰাহ্মণ নথকাই (যিখিনি আছিল তেওঁলোক দেৱলত পৰিণত হৈছিল। দেৱতালৈ আগবঢ়োৱা বস্তুৰে জীৱন ধাৰণ কৰা সকলক দেৱল বোলা হৈছিল। তেওঁলোক অপাংক্তেয়, আন কথাত মন্দিৰৰ পুৰোহিত, অৱশ্যে এতিয়া এই ধাৰণা সলনি হৈছে) পিতৃ আৰীকৃষ্ণৰ উপদেশ মতে অষ্ঠাদশ গোত্ৰীয় সদাৰ পুত্ৰ শাকদ্ধীপৰ (শোকদ্বীপ সৌৰাষ্ট্রত TALS সূৰ্য্য/ ৩৮, অৱশ্যে ইয়াত মতান্তৰ আছে) পৰা মগ ব্ৰাহ্মণসকলক গৰুড়ৰ পিঠিত উঠাই আনি ভাৰতবৰ্ষৰ চন্দ্ৰভগা নদীৰ তীৰত মিত্ৰ বনত প্রতিষ্ঠা কৰিছিল। এইসকল মগ ব্ৰাহ্মণ/শাকদ্বীপী ব্ৰাহ্মণ ভাৰত বৰ্ষত সূৰ্যবিপ্ৰ নাম পায়---স্কন্দ পুৰাণ, পৃঃ ৪৩২৯,নাগৰ খণ্ড)। পিছত এই ব্ৰাহ্মণসকল কনৌজ, TE, মগধ আদি ঠাইত/ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত উপনিৱেশ পাতিছিল। যেনে--- শৰদ্বীপেচবেদাগ্নিঃ, শাকদ্বীপে সিদ্ধতিঃ ইত্যাদি ইত্যাদি। অবিভক্ত উত্তৰ প্রদেশ, বিহাৰ, উৰিষ্যা, বাড়খণ্ড, মধ্যপ্লদেশ, ৰাজস্থান আদি ঠাইত মগ ব্ৰাহ্মণসকল বিশেষভাৱে শাকদদ্বীপি ব্ৰাহ্মণ বুলিহে জনা যায়। এওঁলোকে অসমো আহি পাইছিল। যেনে-_- “These Saka Astrologers possibly migrated to Assam and P.C. Choudhury has pointed out number of manuscripts in Assam dealing with the solar cult, may be attributed to them”— The Comprehensive History of Assam, Vol-I, P-213 | এতিয়া এইটো স্পষ্ট যে ভাৰতবৰ্ষত তেওঁলোকক শাকদ্বীপি ব্ৰাহ্মণ বা সূৰ্য্যবিপ্ৰ বোলা VA | অসমত কিন্তু তেওঁলোকক স্কন্দ পুৰাণত থকা নামটোৰে ‘সূৰ্যবিপ্ৰ’ হিচাবে দেখা গ’ল। বিষ্ণুপুৰাণ দ্বিতীয়াংশ চতুৰ্থ অধ্যায়, শ্লোক নং ৭০)ৰ মতে এই মগ ব্ৰাহ্মণ বা শাকদ্বীপি ব্ৰাহ্মণসকল শ্ৰেষ্ঠ ব্ৰাহ্মণ | এইসূৰ্য্যবিপ্ৰসকলে যে অসমো আহি পাইছিল তাৰ অন্য প্রমাণ হিচাবে তাৰানাথৰ “বৌদ্ধ বুৰঞ্জী"য়ে কৈছে--- খৃষ্টপূৰ্ব তিনি শতিকাৰ আগভাগতে আৰ্য্যধিতিকা নামৰ বৌদ্ধ সন্যাসীয়ে কামৰূপত সিদ্ধ নামৰ সূৰ্য্য উপাসক ব্ৰাহ্মণ লগ পাইছিল। মাকেণ্ডেয় পুৰাণৰ মতেও ৰজা ৰাজ্যবৰ্দ্ধনৰ ৰাজত্ব কালত মধ্য ভাৰতৰ পৰা বহুখিনি সূৰ্য্যবিপ্র/সূৰ্য্য উপাসক ব্ৰাহ্মণ আহি কামৰূপৰ হাজোৰ ওচৰৰ গুৰু বিশাল অৰণ্যত বিশাল সূৰ্য্যমন্দিৰ দেখা পাইছিল। সূৰ্য্য মন্দিৰ থকা মানে সূৰ্য্যবিপ্ৰৰ উপস্থিতি প্ৰমাণ কৰে। সেয়ে সাক্ষ্য প্ৰমাণ-_ “আৰ্য্য সভ্যতা আৰু সংস্কৃতি জয় জয়তে সূৰ্য্যবিপ্ৰসকলে অসমত প্রচাৰ কৰিছিল। দেশৰ প্রাগ্‌জ্যোতিষপুৰ নামেই এইটো কথা প্রমাণ কৰে।”--- সূৰ্য্য আৰু সূৰ্য্যবিণ/৬৭। এই অঞ্চললৈ সূৰ্য্যবিণসকলৰহে প্রথম আগমন ঘটিছিল এইটো অনস্বীকাৰ্য্য আৰু উল্লেখনীয় যদিও বুৰঞ্জীবিদসকলে স্বীকাৰ কৰিবলৈ টান পায়। অসমৰ সূৰ্য্যবিপ্ৰসকল ব্ৰাহ্মণ শ্ৰেণীৰ অন্তৰ্ভুক্ত এটি উল্লেখনীয় ঠাল | কিন্তু অসমৰ বিশ্ববিদ্যালয়সমূহত, মহাবিদ্যালয়সমূহত পাঠ্যপুথি হিচাপে ব্যৱহাৰ কৰা বুৰঞ্জীসমূহে অসমৰ এই ব্ৰাহ্মণ জনগোষ্ঠীটোক অসমত পোৱা তাম্রফলি/শিলালিপিৰ দোহাইদি বৃত্তিজীৱি/অৱান্নণ হিচাপে দেখুৱাই সামাজিক ভাৱে হেয় কৰি আহিছে। এই বুৰঞ্জীসমূহে শিলালিপি/তাস্ৰলিপিৰ সঠিক চন, তাৰিখ, Doner, Donee— একোৰে উল্লেখ নকৰি অস্পষ্টতাৰ সৃষ্টি কৰিহে অৱান্নাণ/বৃত্তিজীৱি জাতি সজাইছে। বিশ্ববিদ্যালয়সমূহেও এনেকুৱা ভুল তথ্য সম্বলিত বুৰঞ্জীসমূহ পাঠ্যপুথি হিচাপে গ্ৰহণ কৰিছে--- ১) A Comprehensive History of Assam (P/153, 2020 edition) by S.L. Baruah, ২) The Comprehensive History of Assam, Vol-I (P/210, 2017 edition) by H. K. Barpujari, ©) স্নাতক মহলাৰ অসমৰ ইতিহাস, লিখক- ডঃ নিৰোদ বৰুৱা আৰু অন্যান্য (পৃঃ ৩৮, ২০১৮-১৯ সংস্কৰণ)-_ এই তিনিওখন বুৰঞ্জীয়ে অসমত পোৱা তাম্ৰলিপি/শিলালিপিৰ আধাৰত সূৰ্য্যবিণ/ দেৱজ্ঞ ব্ৰহ্মণসকলৰ ওপৰত তৱান্দাণ/বৃত্তিজীৱি জাতি বুলি মন্তব্য কৰিছে। কিন্ত অসমত আজিলৈকে উদ্ধাৰ হোৱা কোনো তাস্ৰফলি/শিলালিপিয়ে দৈৱজ্ঞ ব্ৰাহ্মণসকলক অৱান্বাণ/বৃত্তিজীবি/শুদ্ৰ বুলি কোৱা নাই। আনহাতে ৪) ‘অসমৰ সমাজ আৰু অৰ্থনীতিৰ ইতিহাস’ (লিখক ইমৰান হুছাইন আৰু অন্যান্য), ৫) ‘অসমৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাস’ (লিখক ভৃগুমনি নাথ আৰু অন্যান্য), ৬) ‘অসমৰ ইতিহাস’ (লেখিকা ডঃ মিনা বৰকটকী) আদি বুৰঞ্জীসমূহেও সূৰ্য্যবিপ্ৰসকলৰ ওপৰত ভুল তথ্য দিছে যিটো অসমৰ এটি পুৰণি ব্ৰাহ্মণ জনগোষ্ঠীৰ স্বাৰ্থৰ পৰিপন্থী হিচাপে দেখা গ’ল। মন কৰিবলগীয়া যে দৈৱজ্ঞসকলৰ আচল কুল বা জাতি যে সূৰ্য্যবিপ্ৰ, সেইটো এই বুৰঞ্জীবিদসকলৰ জ্ঞাত নহয়। কাৰণ ওপৰোক্ত কোনোখন বুৰঞ্জীয়ে সূৰ্য্যবিপ্ৰ শব্দকেইটা ব্যৱহাৰ কৰা দেখা নগ’ল। অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰস্তুত কৰা ‘বৈচিত্ৰ্যময় অসম’ নামৰ গ্ৰন্থই নতুনকৈ আৱিষ্কাৰ কৰিলে যে--- ‘গণক’ (যিসকলৰ আচল কুল বা জাতি সূৰ্য্যবিপ্ৰ) মূলগত ভাৱে কলিতা জনগোষ্ঠীয় ৷ যিক্ষেত্ৰত ‘কলিতা জাতিৰ ইতিবৃত্ত’ (ডঃ বাণীকান্ত কাকতি), ‘কলিতা জাতিৰ ইতিহাস’ (ডঃ মাধুমৰ্য্য মণ্ডিত বৰুৱা) আৰু ‘অসম দেশত কলিতা কুলৰ উৎপত্তি’ (পদ্নেশ্বৰ নাওবৈচা ফুকন) আদিও নিমাত! কলিতা পুৰণি উত্তৰ ভাৰতৰ সুবৃহৎ ক্ষত্ৰিয় জাতিৰ এটি সৰু ফৈদ’ ডঃ বাণীকান্ত কাকতি | সেয়ে এনে ভুল তথ্য দি এটা আৰ্য্যমূলীয় ব্ৰাহ্মণ সম্প্ৰদায়ক কলিতা গোষ্ঠীয় বুলি কোৱাত কোনো সত্যতাও নাই আৰু নিসন্দেহে গ্ৰহণযোগ্য নহয়৷ ভুল তথ্যৰে ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰাটো কোনো আদৰ্শগত নীতিও নহয়--- বিশেষকৈ চৰকাৰীভাৱে ৷ ভুল তথ্য সম্বলিত ওপৰোক্ত বুৰঞ্জীসমূহো পাঠ্যপুথি হিচাপে অন্তৰ্ভুক্ত কৰাত কিমান গ্ৰহণযোগ্যতা আছে বিচাৰ্য্যৰ RARE জ্যেষ্ঠ জনৰ প্রতি সন্মান বা শ্ৰদ্ধা প্ৰদৰ্শন কৰাটো ভাৰতীয় এতিহ্য, সভ্যতা-সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ | বৌদ্ধিক বা চিন্তাশীল লোকসকলে সমাজৰ মঙ্গলৰ কাৰণে বা সেই দেশখনৰ স্বাৰ্থৰ অনুকুলে এটা চিন্তা এৰি দিয়ে। আৰু চালি-জাৰি চাই শাসকসকলে ৰূপায়ণ কৰে। তেনেদৰেহে আচলতে এখন সুস্থ আৰু সু-সংহত সমাজ গঠন হয়। কেতিয়াবা তেনে একোটা চিন্তা বা দৰ্শন দেশ কালৰ পৰিধি অতিক্ৰম কৰিও যায়। তেতিয়াই সমাজত আউল লাগে। বিশৃংখলতা বৃদ্ধি হয়। ওপৰোক্ত বুৰঞ্জীবিদ/ লেখক পণ্ডিতসকলে সূৰ্য্যবিপ্ৰ/ দেৱজ্ঞ ব্ৰাহ্মণসকলৰ ওপৰত যি ভুল চিন্তাধাৰা এৰি দিছে/দি গ’ল সেই ধাৰাই কৌটিকলীয়া পৰম্পৰাত চলি থকা জাতিটোক নস্যাৎ কৰিবলৈ লৈছে। এইসকল বুৰঞ্জীবিদে গৱেষকসকলক/স্কুল-কলেজৰ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এটা চিৰন্তন সত্যৰ পৰা আঁতৰাই নি দৈৱজ্ঞ ব্ৰাহ্মণ/সূৰ্য্যবিপ্ৰ সম্পৰ্কে এটা ভুল চিন্তা-ধাৰা আগবঢ়োৱা বুলি অনুভৱ VA | সেয়ে এই লেখনিটো সমাজৰ বৌদ্ধিক মহললৈ আগবঢ়ালোঁ ৷ খগেন্দ্ৰ নাথ দেৱশৰ্ম্মা, সভাপতি, ব্ৰাহ্মণ মহাসভা অসম ২,দূৰ্গা মন্দিৰ পথ, হাতীগীও, গুৱাহাটী-৩৮, OPPS ঃ ৯৮৫৪৩-০২৬৮১